Breaking

ৰতনপুৰ আঞ্চলিক ক্লাবৰ উদোগত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি

0 2,095

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৃহত্তৰ ৰতনপুৰ অঞ্চলৰ ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাবৰ উদ্যোগত ৰতনপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এদিনীয়া ফুটবল টুৰ্ণামেণ্টখনৰ  ১২ অক্টোবৰত  সফল সামৰণি পৰে। টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনৰ আৰম্ভণি ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভণি কৰা হয়। আনহাতে খেলখনৰ লগত সংগতি ৰাখি স্থানীয় বিভিন্ন নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰে। লগতে আমন্ত্ৰিত অতিথিবৃন্দ সকলে খেল আৰু স্বাস্থ্যৰ লগতে ইয়াৰ গুণ-গৰিমাৰ ওপৰত বিভিন্ন উপদেশমূলক ভাষণ প্ৰদান কৰে। উক্ত প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলখন ডাউহাৰু ফুটবল ক্লাব বনাম সন্ধ‍্যাবাৰী ফুটবল ক্লাবৰ মাজত এক আমোদজনক খেল অনুষ্ঠিত হয়। আনহাতে, ডাউহাৰু ফুটবল ক্লাবে ১-০ ব‍্যৱধানৰ গ’লত বিজয়ী লাভ কৰিবলৈ সক্ষম হয় আৰু বিজয়ী দলক প্ৰাইজমানি পুৰস্কাৰটি প্ৰদান কৰে অসম বিধানসভাৰ অধ‍্যক্ষ তথা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰীয়ে। লগতে তেওঁৰ সহধৰ্মিনীও সম্পূৰ্ণ খেলখন উপভোগ কৰে। আনহাতে বিশ্বজিত দৈমাৰীয়ে খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এনেবোৰ খেলৰ জৰিয়তেই ৰাজ‍্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পোৱা যায় বুলি এলেন দেউৰী, দুৰ্গা বড়ো আদিৰ দৰে খেলুৱৈ সকলৰ নাম লৈ উৎসাহিত কৰে।    খেলখনৰ উদ‍্যোগতা তথা ৰতনপুৰ আঞ্চলিক ক্লাবৰ সভাপতি, সম্পাদক তথা সদস্য সকলে আৰম্ভণিৰে পৰা সহায় সহযোগিতা কৰি অহা, উপস্থিত আমন্ত্ৰিত বিশিষ্ট ব‍্যক্তিসকল লগতে সমূহ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত চূড়ান্ত খেলখনত উপস্থিত থাকে ক্ৰমে অসম বিধানসভাৰ অধ্যক্ষ তথা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰী আৰু তেওঁৰ সহধৰ্মিনী, জিলা এছ.টি. মৰ্চাৰ সভাপতি জোচৰাং বড়ো, ৰতনপুৰ গাঁৱৰ গাঁওবুঢ়া বিষ্ণু বড়ো, ৰতনপুৰ হাইস্কুলৰ প্ৰাক্তন অধ‍্যক্ষ দুগ্ধ শৰ্মা, ৰতনপুৰ শান্তি কমিটিৰ সম্পাদক শংকৰ দাস, লগতে বহুতো সমাজকৰ্মী আৰু ক্ৰীড়া প্ৰেমী লোকসকল তথা ৰতনপুৰবাসী ৰাইজ।

Leave A Reply