তামুলপুৰত ৰাভা লোকনৃত্য কৰ্মশালাৰ সফল সামৰণি

তামুলপুৰত ৰাভালোক নৃত্য কৰ্মশালাৰ সফল সামৰণি । হামজাৰ, চাথাৰ আদি ৰাভা লোক নৃত্যৰে মুখৰিত তামুলপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহ ।

বিটিআৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰৰ সহযোগত তামুলপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা ৰাভা লোক নৃত্যাৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে।


এই উপলক্ষে সাংস্কৃতিক কৰ্মী চিন্ময় পাঠকৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নে । বিটিআৰৰ মনোনীত এমচিএল এ হেমন্ত কুমাৰ ৰাভাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত তামুলপুৰ জিলা ৰাভা ছাত্র সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভা, মেনকা ৰাভা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। প্ৰশিক্ষক সঞ্জয় ৰাভা,জ্যোতিষ্মা ৰাভাৰ পৰিচালনা ত প্ৰশিক্ষাৰ্থী সকলে হামজাৰ,চাথাৰ আদি ৰাভা লোক নৃত্য পৰিৱেশন কৰি কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি উপভোগ্য কৰি তোলে।

তামুলপুৰৰ পৰা প্ৰসাদ দাস

Related Articles