কাজিৰঙাত এশ কোটি লিটাৰ পানী সংৰক্ষণৰ সফল পৰিকল্পনা

বাৰিষা এই যাওঁ যাওঁ, কিন্তু বৰ্তমানলৈকে ৰাজ্যত নাই বানপানী প্ৰকোপ ৷ তাৰবাবে চিন্তিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী তথা পক্ষী কুল আৰু জলচৰ প্ৰাণীৰ বাবে বিশেষকৈ খৰালি কালত সুবিধা হোৱাকৈ এশ কোটি লিটাৰ পানী সংৰক্ষণৰ এক সফল পৰিকল্পনা ইতিমধ্যে সম্পন্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই । ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে যাতে বিশেষকৈ খৰালি কালত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব নালাগে তাৰ বাবে কেম্পা আঁচনি, কাজিৰঙা টাইগাৰ কনজাৰভেচন ফাউণ্ডেশ্যনৰ উপৰিও বলিউডৰ চিত্ৰ তাৰকা অক্ষয় কুমাৰে আগবঢ়ো ধনেৰে হাতত লোৱা হৈছিল পানী সংৰক্ষণৰ এই বিশেষ পৰিকল্পনা । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰু-বৰ মিলাই মুঠ ১৯২ খন জলাশয় আছে । এই জলাশয়বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ লগতে পক্ষী তথা জলজ প্ৰাণীয়ে জীৱন নিৰ্বাহ কৰি আহিছে । অতি পৰিতাপৰ কথা যে পানীৰ আভাৱত দিনক দিনে এই জলাশয়বোৰ শুকাই যাব ধৰিছে । বাৰিষা কাল শেষ হোৱাৰ সময় সমাগত যদিও ৰাজ্যখনৰ লগতে কাজিৰঙাত বৰ্তমানলৈকে হোৱা নাই উল্লেখনীয় বানপানী ৷

বানপানীৰ ফলত বাৰিষা কালত উক্ত জলাশয়বোৰ পানীৰে পূৰ্ণ হৈ থকাত বন্যপ্ৰাণীৰ কাৰণে সমস্যাৰ সৃষ্টি নহয় যদিও খৰালি কালত ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ম’হ, পহু আদি বন্যপ্ৰাণীয়ে এটুপি পানী বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ধৰণৰ সমস্যা কিছু লাঘব কৰাৰ উদ্দেশ্যে উদ্যান কৰ্ত্তৃপক্ষই বিশেষ পানী যোগান আৰু সংৰক্ষণৰ আঁচনি হাতত লৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়ে মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়বোৰ কেৱল বন্যপ্ৰাণীয়েই নহয় বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ । কাজিৰঙাৰ জলাশয়বোৰ পৰিভ্ৰমী পক্ষীৰ কাৰণে এক উত্তম স্থান হিচাপে পৰিগণিত হৈ আহিছে ।  খৰালি কালত পৃথিবীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা বহু হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি কাজিৰঙালৈ প্ৰতি বছৰে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । বিগত তিনি বছৰৰ পৰা কাজিৰঙালৈ পৰিভ্ৰমী পক্ষীৰ আগমন বৃদ্ধি পাই আহিছে বুলিও  সঞ্চালকে মত প্ৰকাশ কৰিছে । সঞ্চালকজনে আৰু জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হালধিবাৰী, বান্দৰডুবি, দেওচুৰ, পতাহী, কঠালচাঙকে ধৰি মুঠ ছটা স্থানত এই পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা জলাশয়বোৰৰ মুখত বিশেষকৈ খৰালি কালত পানী ওলাই যাব নোৱৰাকৈ বিজ্ঞানসন্মত ভাৱে  বান্ধ আৰু কালভাৰ্ট নিৰ্মাণ কৰা হৈছে । আগন্তুক দিনত বন্যপ্ৰাণীৰ পানীৰ সমস্যা কিছু পৰিমাণে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্ত্তৃপক্ষই । উল্লেখ্য জলাশয়বোৰত পানী সংৰক্ষণ হৈ থাকিলে কাষৰীয়া অঞ্চল সমূহত ঘাঁহৰো উৎপাদন হৈ থাকে ।

ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ তৃণভোজী প্ৰাণীবোৰৰ আন এক সমস্যা কিছু দূৰ হ’ব । উল্লেখ্য যে, দুবছৰ পূৰ্বে প্ৰথমে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পানীজুৰিত পানী সংৰক্ষণৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ কুকুৰাকটা আৰু বাগচেৰ পাহাৰৰ পৰা হাতীকে ধৰি বন্যপ্ৰাণীবোৰে পানী খাবলৈ নামি আহি পানী নাপাই কাষৰীয়া গাৱঁলৈ গৈছিল । এই গাঁৱত ৰাইজে মীন পালন কৰাৰ বাবে খন্দা পুখুৰীত পানী খাবলৈ যাওঁতে ৰাইজৰ অনিষ্ট কৰে । ফলত সময়ে সময়ে হাতী মানুহৰ সংঘাত হৈ আছিল । মাজে মধ্যে বন্যপ্ৰাণীৰ আক্ৰমণত গঞা ৰাইজ আহত বা নিহতো হৈছিল । এটা ভাল খবৰ যে কাজিৰঙাত পানী সংৰক্ষণৰ ব্যৱস্থা কৰাৰ পিছৰে পৰা বিগত দুটা বছৰত উক্ত এলেকাত বন্যপ্ৰাণীৰ দ্বাৰা ৰাইজৰ অনিষ্ট হোৱা নাই বুলিও সঞ্চালকে জানিব দিয়ে ৷ তিনিখন বনাঞ্চলত পানী সংৰক্ষণৰ কাম সমাপ্ত হোৱাৰ পাছত শেহতীয়াকৈ উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ বৃহৎ চহলা বিলৰ পানী সংৰক্ষণৰ বাবে উদ্যান কতৃপক্ষই ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে ৷ চহলা বিলৰ চাৰিটা স্থানত পানী সংৰক্ষণৰ বাবে বান্ধ আৰু কালভাৰ্ট নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰিছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ৷

সঞ্চালকগৰাকীয়ে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন শৰ্মা, বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰা আৰু আন বিষয়া-কৰ্মচাৰীক লৈ দ্ৰুোণ কেমেৰা আৰু ফিটাৰে জৰিয়তে জৰীপৰ কাম আৰম্ভ কৰে ৷ খৰালি দিন আৰম্ভ হোৱাৰ লগে লগে অগৰাতলী বনাঞ্চলৰ বৃহৎ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কলৰৱ শুনিবলৈ পোৱা যায় ৷ চলিত বৰ্ষৰ বৰ্তমানলৈকে বানপানী নোহোৱাৰ বাবে চহলা বিলৰ পানী শুকাই যোৱাৰ উপক্ৰম হৈছে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই উদ্যান কতৃপক্ষই চহলা বিলৰ পানী সংৰক্ষণৰ বাবে জৰীপ আৰম্ভ কৰিছে ৷ অহা ছেপ্তেম্বৰ আৰু নৱেম্বৰ মাহত চহলা বিলৰ পানী সংৰক্ষণৰ কাম আৰম্ভ হ’ব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে চলিত বৰ্ষত কাজিৰঙাত বানপানী নহ’লেও কোনো অনিষ্ট নহয় বুলি জনালে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই ৷ তাৰো বিভিন্ন কাৰণ দাঙি ধৰিলে দুয়োগৰাকী শীৰ্ষ বিষয়াই ৷ বিশেষকৈ বানপানীৰ ফলত কাজিৰঙা দল হৰিণৰ বহু ক্ষতি হয় ৷ দল হৰিণৰ পাল খোৱাৰ সময়তে বানপানী আহি ছেদেলি ভেদেলি কৰি পেলায় ৷ যাৰ ফলত দল হৰিণৰ বংশ বৃদ্ধিৰ হাৰ আন হৰিণতকৈ কম হয় ৷ কিন্তু বানপানী নাহিলে ইয়াৰ বংশ বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে গৱেষণা বিষয়া ৰবীন শৰ্মাই ৷ বানপানী নাহিলেও কাজিৰঙাক আৱৰি থকা পূবে ধনশিৰি, পশ্চিমে ব্ৰহ্মপুত্ৰ লগতে দেওচোৰ, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে ডিফলু নদীৰ লগতে মৰা ধনশিৰি নদীয়ে কাজিৰঙাৰ বন্যজন্তুক পানীৰ যোগান ধৰি আহিছে ৷ এইসমূহ নদীৰ লগতে বৰ্তমান সংৰক্ষণ কৰা জলাশয় সমূহে কাজিৰঙাৰ বন্যপ্ৰাণীৰ পানীৰ অভাৱ পূৰণ কৰিব বুলি আশা কৰিব পাৰি ৷

Related Articles