Breaking

ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…

0 144

লিচু খাবলৈ মিঠা আৰু ৰসাল। ই কেৱল সোৱাদযুক্তই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ, যি স্বাস্থ্যৰ বহু উপকাৰী। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে? বিশেষজ্ঞসকলে কয় যে লিচুত পটাছিয়াম থাকে। ইয়াৰ লগতে লিচুত ভাল পৰিমাণৰ ভিটামিন চি আৰু ফাইবাৰ থাকে যি ডায়েবেটিছৰ বাবে উপকাৰী। ইয়াৰ গ্লাইচেমিক সূচকাংক মধ্যমীয়া, যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে নিৰাপদ। লিচুত এনে বহুতো জৈৱ সক্ৰিয় উপাদান থাকে যিয়ে ডায়েবেটিছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গতিকে ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্য তালিকাত লিচু অন্তৰ্ভুক্ত কৰিব পাৰে। কিন্তু সীমিত পৰিমাণত।

লিচুৰ অন্যান্য উপকাৰিতাৰ-
১) লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি, এন্টিঅক্সিডেন্ট, আঁহ আৰু খনিজ পদাৰ্থ থাকে। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা হজম শক্তি সুস্থ হৈ থাকে। কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়।

২) লিচুত পটাছিয়ামৰ পৰিমাণো বেছি, যাৰ বাবে ই বি পি ৰোগীৰ বাবে উৎকৃষ্ট।ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

৩) ভিটামিন চি সমৃদ্ধ লিচু সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়।

৪) লিচু শক্তিৰ এক বৃহৎ উৎস যিয়ে হতাশাৰ দূৰ কৰাত সহায় কৰে।

Leave A Reply