ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

১৭ মে’২০২৫ঃ Sudarshan  । ভাৰতৰ অপাৰেচন সিন্দূৰৰ পিছত ইটোৰ পিছত সিটো আক্ৰমণ কৰিছিল পাকিস্তানে । কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো আক্ৰমণৰ চেষ্টা বিফল কৰি পেলায় । ভাৰতৰ বিৰুদ্ধে ৬০০ৰো অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰা হৈছিল । এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই।সূত্ৰ অনুসৰি ভাৰতে অভিযানৰ লগে লগে নিয়ন্ত্ৰণ ৰেখাৰ কাষত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰে।

‘সুদৰ্শন চক্ৰ’ ত ১০০০টা বিমান বিৰোধী বন্দুক আৰু ৭৫০টা চুটি দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰও নিয়োগ কৰা হৈছিল। কোৱা বাহুল্য যে সঠিক সময়ত ভাৰতৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম ‘আকাশ তিৰ’ ব্যৱস্থাই তেওঁলোকৰ ফলপ্ৰসূতা আৰু অধিক বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমৰ এটা মূল উপাদান হৈছে এল-৭০ এয়াৰ ডিফেন্স গান, জু-২৩এম এম গান, চিলকা গান চিষ্টেম ইত্যাদি।প্ৰসংগক্ৰমে কিছু মাহৰ আগতে আকাশ তীৰ প্ৰকল্পৰ অধীনত আকাশতীৰ আৰু ইন্টিগ্ৰেটেড এৰিয়েল কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম সংযোজন কৰা হৈছিল।মন কৰিবলগীয়া যে ২২ এপ্ৰিলত লস্কৰৰ টি আৰ এফৰ ৫ টা সন্ত্ৰাসবাদীয়ে পহলগামত ২৬ জন নিৰস্ত্ৰ লোকক হত্যা কৰিছিল। ভাৰতে ৭ মে’ৰ পুৱা আৰু নিশা পাকিস্তানৰ বিৰুদ্ধে অভিযান চলাইছিল।

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছিল। ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনবসতিপূৰ্ণ এলেকা আৰু সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছিল। ভাৰতে কেৱল এই আক্ৰমণক প্ৰতিহত কৰাই নহয়, প্ৰতিশোধো লয়। ইয়াৰ ফলত পাকিস্তানৰ কেইবাটাও বিমান ঘাটি ধ্বংস হৈছে। খবৰ অনুসৰি এতিয়ালৈকে ভাৰতীয় সেনাৰ অভিযানত ১০০ৰো অধিক উগ্ৰপন্থী আৰু ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হৈছে।

Related Articles