লাহৰীঘাটত সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰাল আৰু কুশতলি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হয় বিশ্ব বৰেণ্য শিল্পী গৰাকী মৃত্যু দিৱসটি।কুশতলিত থকা ড° ভূপেন হাজৰিকাৰ মঞ্চত উদযাপিত হোৱা এই অনুষ্ঠানৰ উপলক্ষে পুৱা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মণিকা দাস ৰাংহাঙে।অংশগ্ৰহণ কৰে কুশতলি গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন সেনাপতি,আঞ্চলিক সদস্যা মমী পাতৰ,শিল্পী তপন শৰাই,কুশতলি মণ্ডল বিজেপিৰ সভাপতি জিলু পাতৰকে ধৰি কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰালৰ সভাপতি, সম্পাদক,কুশতলি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া আৰু কৰ্মী সকলে।ইয়াৰ পিছত আন আন কাৰ্যসূচী সমূহ অনুষ্ঠিত হোৱাৰ উপৰিও সন্ধিয়া বৰেণ্য শিল্পী গৰাকীৰ স্মৃতিত এহেজাৰ গছি বন্তি আৰু এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হব বুলি কুশতলি আঞ্চলিক কেন্দ্ৰীয় পুথিভঁৰালৰ সম্পাদক সত্যকাম বৰদলৈয়ে কয়। 

Related Articles