Breaking

গামাৰিমুৰীত সুধাকণ্ঠৰ জন্ম দিৱস, বিশ্ব সাক্ষৰতা দিৱস পালন৷

0 2,189

পশ্চিম নলবাৰীৰ গামাৰিমুৰীস্হ ১৫৬ নং নদলা প্ৰাথমিক বিদ্যালয়ত কালি  সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস , বিশ্ব সাক্ষৰতা দিৱস আৰু মহাপুৰষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা তিনিওটা অনুষ্ঠানৰ বাবে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন বৈশ্যই ৷ বিদ্যালয় খনৰ সহকাৰী শিক্ষক সুৰেন্দ্ৰ বৰ্মন আৰু একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাবকে পুষ্পাঞ্জলি প্ৰদান কৰে ৷  অনুষ্ঠানত প্ৰধান শিক্ষকে শ্ৰীমন্ত শংকৰ দেৱ , সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন দৰ্শন, কৰ্মৰাজীৰ বিষয়ে কয় আৰু বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে ৷ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷

Leave A Reply