Breaking

বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম; বেদখলকাৰীক উচ্ছেদ কৰিলে প্ৰশাসনে

0 160

দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অৱশেষত বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে।

মন কৰিবলগীয়া যে ২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত চাৰিটা মৈদাম উদ্ধাৰ কৰা হয়। ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু আন কেইটা ক্ৰমে চুটেউফা, চুবিনফা আৰু চুখামফাৰ মৈদাম বুলি ঠাৱৰ কৰে বুৰঞ্জীবিদসকলে।

কিন্তু পৰিতাপৰ কথা ২০১৫ চনতে উদ্ধাৰ কৰাৰ পাছতো চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাছিল। যাৰ ফলত মৈদামৰ মাটি বেদখল কৰি একাংশ লোকে ঘৰ সাজি বাস কৰা লগতে চাহ বাগিচা স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে মৈদাম সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল-সংগঠনে। ইয়াৰ পাছতেই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত মৈদামৰ মাটি দখলমুক্ত কৰাৰ লগতে সম্প্ৰতি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

Leave A Reply