Sukhoi Su-30 : কাৰ্বি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমানঃ ছুখয়-৩০ দুৰ্ঘটনাত নিহত দুই পাইলট

কাৰ্বি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমান।(Sukhoi Su-30 )

কাৰ্বি আংলঙৰ চকীহোলাত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত।

ছুখয়-৩০ দুৰ্ঘটনাত নিহত দুই পাইলট।

নিহত ফ্লাইং পাইলট স্কোৱাড্ৰন লিডাৰ অনুজসহ পাইলট লেফটেনেন্ট পূৰ্বেশ দুৰাগকাৰৰ।

ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰিলে এই তথ্য।

কাৰ্বি আংলঙৰ পাহাৰত ভূপতিত যুঁজাৰু ছুখয় বিমান।

নিশা বিকট শব্দ কৰি পাহাৰত খুন্দা খাই ভূপতিত হ’ল বিমানখন।

কাৰ্বি আংলঙত ভয়ংকৰ পতিত যুঁজাৰু বিমান ছুখয়-৩০

দুৰ্গম চকীহোলাৰ ৰং খেলানৰ কালা পাহাৰত এই বিমান দুৰ্ঘটনা।

কেইবাঘণ্টীয়া অভিযানৰ অন্তত নিশা ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল।

দুৰ্ঘটনাস্থলীত উদ্ধাৰ মানৱ শৰীৰৰ ভিন্ন অংগ।

যোৰহাট এয়াৰ ফৰ্চ ষ্টেচনৰ পৰা উৰা মাৰিছিল যুঁজাৰু বিমানখন।

বৃহস্পতিবাৰে সন্ধিয়া উৰা মাৰিছিল বিমানখন।

সময়মতে উভতি নাহিল ভাৰতীয় বায়ু সেনাৰ বিমানখন।

সন্ধিয়া ৭.৪২ বজাত শেষবাৰৰ বাবে হৈছিল যোগাযোগ ভাৰতীয় বায়ু সেনাই সদৰী কৰিছে তথ্য।

Related Articles