Breaking

ৰাষ্ট্ৰীয় স্কুল গেমছ যোগাসনত সুমিতৰ দ্বিতীয়টো ৰূপ, উদিতা ৰাণীয়ে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ ট্ৰফী

0 45

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে।

নতুন দিল্লীৰ এন চি টিত হোৱা যোগদান প্ৰতিযোগিতাত অসমৰ সুমিত দেই ৰিডমিকৰ পাছত আৰ্টিষ্টিকছতো ৰূপৰ পদক অৰ্জন কৰিছে।

ল’ৰাৰ ১৯ বছৰ অনূৰ্দ্ধত দেওবাৰে সুমিতে আৰ্টিষ্টিকছ যোগাসনত ৰূপৰ পদক অৰ্জন কৰা সুমিতে শুকুৰবাৰে ৰিডমিক যোগাসনতো ৰূপৰ পদক লাভ কৰিছিল।

একেদৰে আৰ্টিষ্টিকছ যোগাসনত ৰূপৰ পদক লাভ কৰিছে অসমৰ উদিতা ৰাণী বৰাই। তদুপৰি উদিতাই যোগাসনত ‘বেষ্ট অৱ দ্য বেষ্ট’ ট্ৰফী লাভ কৰে।

দিল্লীতে অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছ টাইকোৱানডো প্ৰতিযোগিতাত অসমৰ এনিশা সিঙে ব্ৰঞ্জৰ পদক জয় কৰে। এনিশাই ছোৱালীৰ ৫২ কেজি অনূৰ্দ্ধ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Leave A Reply