মালিগাঁৱত ৰে’লৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ…

গ্ৰীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সৃজনিমূলক প্ৰতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰে’লৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিবিৰ। মূলত ৩ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, বিহু কৰ্মশালা, যোগ, সাতোৰ আদিৰ আয়োজন কৰা হৈছে। আজি পুৱা এগছি বন্তি প্ৰজ্বলনৰে শিবিৰ মুকলি কৰে এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্যই। এই উপলক্ষে মহিলা শাখাৰ সম্পাদিকা নিৰ্মালি দাসে আঁত ধৰা অনুষ্ঠানটোত ৰিংকুমণি বৈশ্যই এচোছি়েয়েশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি শিশুৰ প্ৰতিভা বিকশিত কৰাৰ বাবে মহিলা শাখাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খানকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে শিবিৰৰ আজিৰ প্ৰথম দিনটোত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় ২০০টা শিশুৱে ভাগ লয়।প্ৰতিযোগিতা পৰিচালনা কৰে মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান আৰু সম্পাদিকা নিৰ্মালি দাসে। ১৩ জুলাইৰ শিবিৰৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলোকে ধৰি শিবিৰত বিভিন্ন শাখাত ভাগ লোৱা সকলোকে মানপত্ৰ, বঁটা আদি প্ৰদান কৰা হ’ব।

Related Articles