ইটাখোলাৰ বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন…

সম্প্ৰতি প্ৰতিকুল বতৰৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰা গ্ৰীষ্মকালীন শিবিৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ দৰে বিশ্বনাথৰ ইটাখোলা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহত সফল ভাবে সম্পন্ন হৈ যায় গ্ৰীষ্মকালীন শিবিৰ। সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমুহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ক্ৰীয়াকলাপৰ দ্বাৰা সম্পন্ন হৈ যায় কাৰ্যসূচীভাগ। যোৱা ৫ জুনৰ পৰা অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংহতি ৰাখি আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰৰ প্ৰথম দিনা বৃক্ষৰূপণ আৰু পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰূপে সমাজখনৰ ভূমিকা কেনে হোৱা প্ৰয়োজন এই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অবিভাৱকসকলৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে।

ইটাখোলা অঞ্চলৰ দিকৰাই চাহ বাগিচা,২নং ইটাখোলা, আহুবাৰী, গেলাহাটিঙা, মনাই, খেৰবাৰী, বালিজুৰি আৰু জয়সিদ্ধিৰ শিক্ষানুষ্ঠানসমুহত ৭ দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত স্বাস্থ্যসন্মত জীৱন ধাৰন গ্ৰহণ কৰা, স্থায়ী খাদ্য প্ৰণালী গ্ৰহণ কৰা, ই-আৱৰ্জনা হ্ৰাস কৰা, আৱৰ্জনা হ্ৰাস, শক্তি সংৰক্ষণ কৰা, পানী সংৰক্ষণ কৰা আৰু একক ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। বিশেষকৈ প্ৰতিখন প্ৰাথমিক শিক্ষানুষ্ঠান সমূহত থকা ইক-ক্লাৱৰ জৰিয়তে সজাগতামূলক শোভাযাত্ৰা, পাচলি বাগিচা কৰা, চিত্ৰাংকণ আৰু একক ব্যৱহাৰ্য্য প্লাষ্টিক সামগ্ৰীৰ বিভিন্ন বয়-বস্তু গঢ়াৰ ক্ষেত্ৰত হাতে কামে কৰি আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখা যায়।

Related Articles