ভকচঙত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি…

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত প্ৰয়াত গঞ্জাৰাম তাৰ’ সোঁৱৰনী পষেকজোৰা নৃত্য কৰ্মাশালৰ সামৰণি অনুষ্ঠানটি আজি অনুষ্ঠিত কৰা হয় ৷ চলিত মাহৰ ১৫ তাৰিখে অনুষ্ঠিত কৰা এই নৃত্য কৰ্মশালাখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰভাত চন্দ্ৰ তাৰ’ৱে পিতৃ গঞ্জাৰাম তাৰ’ৰ স্মৃতিত অনুষ্ঠিত কৰাৰ বাবে এই অনুষ্ঠানটিত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াই ৷ এপষেকযোৰা এই নৃত্য কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে কৰিঅ’গ্ৰাফাৰ তথা জনপ্ৰিয় নৃত্যশিল্পী জিতুল টিমুঙে ৷ ১৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰটোত আঞ্চলিক ভাষাৰ নৃত্য হিচাপে কাৰ্বি গীতৰ নৃত্য আৰু হিন্দী গীতৰ নৃত্য প্ৰশিক্ষণো প্ৰদান কৰা হয় ৷ আজিৰ এই সামৰণি অনুষ্ঠানত প্ৰয়াত পিতৃক সুঁৱৰি আবেগিক হৈ পৰে কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে ৷

মুখ্য অতিথি হিচাপে উপস্থিত থকা জনদৰদী নেতাগৰাকীয়ে কয় যে আমাৰ দিনত ভকচং অঞ্চলত এনেধৰণৰ নৃত্য কৰ্মাশালা হোৱা নাছিল, কিন্তু এইবাৰ আমি এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান এটি অনুষ্ঠিত কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈছোঁ ৷ তাৰোপৰি, অনাগত সময়ত ভকচঙখনক সাংস্কৃতিক আৰু ক্ৰীড়াৰ নগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি যাম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

অনুষ্ঠানত প্ৰভাত চন্দ্ৰ তাৰ’ৰ উপৰিও মাতৃ খাদৈ ৰংহাঙপী, সহধৰ্মিনী প্ৰনতি বে’পী, বিশিষ্ট শিক্ষাবিদ কৃষ্ণকান্ত সিংহ, মণ্ডল বিজেপিৰ সভাপতি খৰছিং বে’, প্ৰাক্তন কাৰ্যবাহী সদস্য ধনীৰাম ইংলেঙকে অঞ্চলটোৰ একাংশ সাংস্কৃতিকপ্ৰেমী দৰ্শক-ৰাইজ উপস্থিত থাকে ৷

Related Articles