Breaking

গোগামুখত গ্ৰীস্মকালীন যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি…

0 54

গোগামুখত গ্ৰীস্মকালীন যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণিঃ অভিনন্দন সমাৰোহ সম্পন্নঃ

ধেমাজি জিলাৰ গোগামুখৰ একমাত্ৰ যোগ কেন্দ্ৰ তথা যোগ মহাবিদ্যালয় ৰুদ্ৰাক্ষৰ উদ্যোগত আৰু ৰুদ্ৰাক্ষ চাৰিটেবুল বা দাতব্য ট্ৰাষ্টৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীস্মকালীন যোগ শিবিৰ আৰু অভিনন্দন সমাৰোহৰ আজি দেওবাৰে সামৰণি পৰিছে ৷ ২৭ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ  গোগামুখ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত গ্ৰীস্মকালীন যোগ শিবিৰত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি যোগ শিক্ষা গ্ৰহণ কৰে ৷ যোগ শিবিৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰুদ্ৰাক্ষ যোগ মহাবিদ্যালয়ৰ শিক্ষক যাদৱ ফকৰেল, ভানুমতী পেৰ্‌মেয়ে ৷ তেওঁলোকক সহযোগ কৰে তনুজা পেগু আৰু বিদ্যা পাতিৰে ৷ যুৱ সমাজকৰ্মী তথা খ্যাতনামা নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ ভিন্ন প্ৰতিভাধৰ যুৱক ফটিক পেৰ্‌মেৰ পৰিকল্পনা আৰু পৰিচালনা মৰ্মে

গ্ৰীস্মকালীন যোগ শিবিৰত পোন প্ৰথমবাৰৰ বাবে জুম্বা নৃৃত্য প্ৰয়োগ কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে লগ’ চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হয় ৷ আজি বুধবাৰে যোগ শিবিৰৰ সামৰণি অনুষ্ঠানৰ সমান্তৰালভাৱে অভিনন্দন সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হয় ৷ মূলতঃ ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত  ৰুদ্ৰাক্ষ   ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ উদ্যোগত সদৌ অসম ভিত্তিত গোগামুখত  অনুষ্ঠিত হোৱা কেন্দ্ৰীয় যোগ দিৱসত সহযোগিতা আগবাঢ়োৱা ব্যক্তিসকলক অভিনন্দন সমাৰোহত অভিনন্দন জনোৱাৰ উদ্দেশ্যে উক্ত অভিনন্দন সমাৰোহ আয়োজন কৰা হয় ৷ অনুষ্ঠানত ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ প্ৰশিক্ষক তনুজা পেগুৰ নেতৃত্বত ৰূপায়ন কৰা   যোগব্যায়াম কলা-কৌশলেৰে  অনুষ্ঠানটো আৰম্ভ কৰা হয় ৷ অনুষ্ঠানটো  আঁত ধৰে খ্যাতনামা নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ, ভিন্ন প্ৰতিভাধৰ যুৱক ফটিক পেৰ্‌মেয়ে ৷ অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগুৱে ৷ 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, গোগামুখ বালিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শৰ্মা আদিয়ে ৷ মুখ্য অতিথিৰ ভাষণত ড° দিলীপ কুমাৰ ঝাই কয়- যোগ শিক্ষা হৈছে সুস্থ শৰীৰৰ বাবে উত্তম শিক্ষা ৷ শাৰীৰিক আৰু মানসিকভাৱে একোজন মানুহ সবল হৈ থাকিবলৈ যোগ ব্যায়ামৰ নিতান্তই প্ৰয়োজন ৷ সম্প্ৰতি চৰকাৰী শিক্ষা বিভাগ সমূহে যোগ শিক্ষাক শিক্ষানুষ্ঠানৰ এক  অংশ হিচাপে প্ৰয়োগ কৰিবলৈ লৈছে ৷ চৰকাৰী এই ব্যৱস্থা দেশৰ যুৱ প্ৰজন্মৰ বাবে সুখবৰ ৷ বদ অভ্যাস, নিচাজাতীয় সামগ্ৰীৰ পৰাও যোগ শিক্ষাই একোজন মানুহক আঁতৰাই ৰাখে আৰু নিৰোগী স্বাস্থ্য  প্ৰদান কৰে ৷ ড° ঝাই ৰুদ্ৰাক্ষ যোগ মহাবিদ্যালয়ৰ যোগ ব্যায়ামৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপ তথা শিক্ষানীতিক ভূয়সী প্ৰশংসা কৰে ৷ উল্লেখনীয় যে, ২০১৯ বৰ্ষত জন্ম লাভ কৰা ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰই কম দিনৰ ভিতৰতে  বিশাল পৰিসৰ অতিক্ৰম কৰি বৰ্তমান যোগ মহাবিদ্যালয়লৈ উন্নীত হৈছে আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত যোগব্যায়ামৰ ডিপ্লমা ক’ৰ্চ ইতিমধ্যে আৰম্ভ কৰিছে ৷

Leave A Reply