১০০ সংখ্যক টেষ্টত পূজাৰাক বিশেষ টুপী উপহাৰ দিলে সুনীল গাভাস্কৰে

ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে টিম ইণ্ডিয়াৰ বেটছমেন চেতেশ্বৰ পূজাৰাক বিশেষ টুপী প্ৰদান কৰি তেওঁৰ ১০০ সংখ্যক টেষ্ট মেচ উপলক্ষে অভিনন্দন জনায়।

পূজাৰাক সম্বৰ্ধনা জনোৱাৰ সময়তে গাভাস্কাৰে কয় যে আপুনি আপোনাৰ ১০০ সংখ্যক টেষ্ট মেচত বিগ শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হোৱাটো কামনা আৰু প্ৰাৰ্থনা কৰোঁ।

দিল্লীত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট পূজাৰাৰ ১০০ সংখ্যক টেষ্ট মেচ।

Related Articles