Sunjay Kapur Death: সঞ্জয় কাপুৰৰ মৃত্যুৰ ১১ দিনৰ পিছত চৰ্চাত ৩১০০০ কোটি মূল্যৰ কোম্পানী

সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত(Sunjay Kapur Death)তেওঁৰ ভগ্নী মন্ধিৰা কাপুৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে। এই পোষ্টটোত সঞ্জয় কাপুৰৰ ভগ্নীয়ে এনে প্ৰকাশ কৰিছে যে সঞ্জয় কাপুৰে এৰি থৈ গৈছে এটা কোম্পানী। ইয়াৰ মূল্য ৩১০০০।

বহু বিশেষজ্ঞৰ মতে কোম্পানীটোৰ মালিকাধীন সঞ্জয় কাপুৰৰ ভগ্নীহঁতৰ হাতলৈ যাব। বিখ্যাত ব্যৱসায়ীজনৰ শ্ৰাদ্ধৰ পিছত তেওঁৰ ভগ্নী মন্ধিৰা কাপুৰে ছচিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট লিখিছিল।

মন্ধিৰা কাপুৰে সঞ্জয় কাপুৰৰ সৈতে শৈশৱৰ চাৰিখন ছবি শ্বেয়াৰ কৰে। এই ছবিসমূহ শ্বেয়াৰ কৰি মন্ধিৰা কাপুৰে লিখিছে- ‘যোৱা ৪ বছৰে মোৰ ভাইটিৰ লগত কথা পতা নাই। ইগোৰ বাবে ভাই-ভনীৰ মাজত এই দূৰত্ব বাঢ়ি গৈ থাকিল। কিন্তু পুৰণি স্মৃতি কেতিয়াও হেৰাই যাব নোৱাৰে। গভীৰ নিশা সাৰ পাই ঘৰৰ পৰা ওলাই যোৱা। বছৰ বছৰ ধৰি আমি তিনিওজনে কৰি থকা আনন্দ। আমি ঘণ্টাৰ পিছত ঘণ্টা হাঁহিছিলোঁ আৰু আমাক দেখি আন মানুহে থতমত খাইছিল। তেওঁ আমাক সদায় যত্ন লৈছিল। তেওঁ আছিল আমাৰ বাবে এজন প্ৰকৃত ডাঙৰ ভাই আৰু বন্ধু।’

‘শেষত যি হ’ল সেয়া ভয়ংকৰ আৰু হৃদয়বিদাৰক আছিল। মই আৰু কেতিয়াও তেওঁৰ লগত সেই মুহূৰ্তবোৰ কটাব নোৱাৰিম। আমি আৰু কেতিয়াও আমাৰ হৈ নাথাকো। আমাৰ মাজত যি ভাঙি গৈছিল আমি কেতিয়াও ঠিক কৰিব নোৱাৰিম। মোৰ হৃদয় ভাঙি গৈছে। আমাৰ যি আছিল তাৰ পিছতো তেওঁ জানিছিল যে মই তেওঁক কিমান ভাল পাওঁ। মই জানো তেওঁৰ আত্মাইও সেই কথা জানিছিল। কিন্তু এদিন আমি আকৌ এক হ’ম তেতিয়া হয়তো কিছু শান্তি পাম।’

মোৰ মৰমৰ ভাইটিক বহুত মিছ কৰিছো আৰু এই জীৱনত তেওঁক আৰু কেতিয়াও দেখা নাপাম বুলি ভবাটো এটা কঠোৰ সত্য। মই জানো তেওঁ এতিয়া পাপাৰ লগত আছে আৰু এদিন আমি সকলোৱে আকৌ একেলগে থাকিম কিন্তু সেয়াই যথেষ্ট নহয়। আপোনালোক সকলোকে শোক প্ৰকাশ কৰাৰ বাবে ধন্যবাদ।’

Related Articles