সঞ্জয় কাপুৰ বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানী, যাৰ মাৰ্কেট কেপ আছিল প্ৰায় ৪ বিলিয়ন ডলাৰ।(Sunjay Kapur)
অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী আছিল বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানীৰ মুৰব্বী। কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁ সম্পত্তিক লৈ। কোন হ’ব তেওঁৰ ৪ বিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ কোন হ’ব উত্তৰাধিকাৰী?(Sunjay Kapur)
সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰৰ দুটা সন্তান আছে। আনহাতে সঞ্জয় দ্বিতীয় পত্নীৰো আছে এটা সন্তান। তেনে স্থলত ৪ বিলিয়ন ডলাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব তাকে লৈ জল্পনা-কল্পনা অব্যাহত।
সঞ্জয়ৰ ₹10300 কোটি ধনৰ কিমানখিনি পাব কৰিশ্মা কাপুৰৰ ল’ৰা-ছোৱালীয়ে তাক লৈ চৰ্চা বৰ্তমান। কৰিশ্মা কাপুৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ল’ৰা-ছোৱালীৰ বাবে ১৪ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল সুঞ্জয় কাপুৰে।
সুঞ্জয়ৰ তিনিটা সন্তান। কৰিশ্মাৰ সৈতে তেওঁৰ দুটা ল’ৰা-ছোৱালী – সমইৰা আৰু কিয়ান। তেওঁৰ দ্বিতীয় পত্নীৰ এটি পুত্ৰ সন্তান যাৰ বয়স মাত্ৰ ৬ বছৰ।
ফৰ্বছে উল্লেখ কৰিছে যে সুঞজয় কাপুৰৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন ডলাৰ ( ₹১০৩০০ কোটি)। আলোচনীখনে উল্লেখ কৰিছে যে ২০২২ আৰু ২০২৪ দুয়োটা বৰ্ষতে সুঞ্জয়ৰ শীৰ্ষ সম্পদৰ মূল্য আছিল ১.৬ বিলিয়ন ডলাৰ ( ১৩০০০ কোটি ₹।আইন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিচালনা তেওঁৰ পত্নী প্ৰিয়া সচদেৱৰ হাতলৈ যায়। অৱশ্যে কৰিশ্মা কাপুৰৰ লগত থকা তেওঁৰ সন্তান দুটা সমইৰা আৰু কিয়ানকো ভালদৰে চোৱা-চিতা কৰা হয়। লিগেচি প্লেনিঙৰ অংশ হিচাপে সুঞ্জয়ে দুয়োকে ১৪ কোটি টকাৰ বণ্ড উপহাৰ দিছিল, লগতে তেওঁলোকৰ বাবে মাহিলী ১০ লাখ টকাকৈ আয় নিশ্চিত কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।
২০০৩ চনত কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুনজয় কাপুৰ। ২০১৭ চনত অভিনেত্ৰী প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৃহস্পতিবাৰে লণ্ডনত প’ল’ খেলি থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৫৩ বছৰীয়া সঞ্জয় কাপুৰৰ মৃত্যু হয়।