‘হনুমান’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৪৫ কোটি টকা লৈছে চানী দেউলে…

নীতিশ তিৱাৰীৰ ছবি ৰামায়ণত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে। এই পৌৰাণিক ছবিখনত গাদাৰ ২ৰ অভিনেতাগৰাকীয়ে বিপুল পৰিমাণৰ মাচুল সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। তিনি দশকৰো অধিক সময় ধৰি বলীউডত থকা অভিনেতাগৰাকীয়ে এই সময়ছোৱাত বহু ছবি আগবঢ়াইছে। বৰ্তমান ছানীয়ে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ জৰিয়তে বহু সফলতা লাভ কৰিছে। এই ছবিখন তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে। শীঘ্ৰে নীতিশ তিৱাৰীৰ বহু প্ৰত্যাশিত ছবি ৰামায়ণত ৰণবীৰ কাপুৰৰ সৈতে দেখা যাব ছানী দেওলক। এই সকলোবোৰৰ মাজতে এতিয়া এটা নতুন খবৰ ওলাইছে যে পৌৰাণিক ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছানীয়ে বিপুল পৰিমাণৰ ধন লৈছে।

নিতেশ তিৱাৰীৰ ছবি ৰামায়ণত ‘হনুমান’ৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে। হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ ছানী দেউলে ৪৫ কোটি টকা মাচুল হিচাপে লৈছে। খবৰ অনুসৰি ৰামায়ণৰ বাবে শ্বুটিঙৰ মাজত ছানীয়ে কোনো প্ৰজেক্ট ল’ব নিবিচাৰে কাৰণ তেওঁ নিজৰ মনোযোগ স্থানান্তৰ কৰিব নিবিচাৰে। ভগৱান হনুমানৰ চৰিত্ৰ পৰ্দাত অভিনয় কৰাটো এটা ডাঙৰ দায়িত্ব আৰু ছানীয়ে ৰামায়ণৰ শ্বুটিঙৰ মাজত আন কোনো প্ৰজেক্ট গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁ সম্পূৰ্ণৰূপে নিজৰ ফালৰ পৰা মনোনিৱেশ কৰিব বিচাৰে।

Related Articles