Breaking

সাপে কামুৰিলে ছলমান খানকঃ চিন্তিত অনুৰাগী

0 2,066

সোমবাৰে অৰ্থাৎ ২৭ ডিচেম্বৰত ছলমান খানৰ ৫৬সংখ্যক জন্মদিন। কিন্তু এই বিশেষ দিনটোৰ এদিন পূৰ্বে এনে এক ঘটনা ঘটিল, যাৰ পিছত তেওঁৰ অনুৰাগীসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰা দেখা যায়। প্ৰতিবাৰৰ দৰেই এইবাৰো ছলমান খানে নিজৰ জন্মদিনৰ কিছুদিন পূৰ্বে পানভেলস্থিত ফাৰ্ম হাউছলৈ গৈছিল। ফাৰ্ম হাউছত ছলমান খানক নিশা সাপে দংশন কৰে। এই খবৰ অহাৰ পিছতে চিন্তিত হৈ পৰে অনুৰাগীসকল।

ছলমান খানক সাপে দংশন কৰাৰ পিছতে শীঘ্ৰে নৱী মুম্বাইৰ কামোঠে অঞ্চলৰ এমজিএম হাস্পতাললৈ লৈ যোৱা হয়। কোৱা হৈছে যে ছলমান খানক দংশন কৰা সাপডাল বিষধৰ নাছিল। সেয়ে তেওঁৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ প্ৰয়োজন নাই। এবিপিৰ এক ৰিপ’ৰ্ট মতে, ছলমান খানে নিশা হাস্পতাল কটায় আৰু চিকিৎসাৰ অন্তত আজি পুৱা প্ৰায় ৯ বজাত পানভেলস্থিত ফাৰ্ম হাউছলৈ উভতি আহে। তেওঁ বৰ্তমান সুস্থ।

এতিয়া কেনেকুৱা হ’ব ছলমান খানৰ জন্মদিনৰ পাৰ্টী?

‘ভাইজান’ৰ জন্মদিন এতিয়া কেনেকুৱা হ’ব? এই প্ৰশ্নই উদগ্ৰীৱ কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। প্ৰতি বছৰে ছলমান খানে নিজৰ জন্মদিনত বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে গ্ৰেণ্ড চেলিব্ৰেচন কৰে ফাৰ্ম হাউছত। কিন্তু এইবাৰ ফাৰ্ম হাউছত ছলমান খানে জিৰণী ল’ব নে জন্মদিন উদযাপন কৰিব সেয়া সময়তহে জানিব পৰা যাব।

Leave A Reply