Breaking

আহি আছে ছুপাৰহিৰো “হনুমান”

0 75

আধুনিক দৰ্শকৰ বাবে হিন্দু পৌৰাণিক কাহিনীৰ গভীৰতালৈ সোমাই পৰিচালক প্ৰশান্ত বৰ্মাই ২০২৪ চনৰ ১২ জানুৱাৰীত তেওঁৰ বহু প্ৰত্যাশিত পৌৰাণিক-ছুপাৰহিৰো-একচন ছবি ‘হনুমান’ একাধিক ভাষাত মুক্তিৰ সাজু হৈছে।

হনুমান চলিছা ট্ৰেক আবৃত্তিৰ লগতে টিজাৰেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ বিষয়ে কোৱাৰ সময়ত বৰ্মাই কয় যে, “আমাৰ লক্ষ্য আছিল আমাৰ চহকী সংস্কৃতিৰ উপাদানসমূহক সকলো বয়সৰ লোকৰ সৈতে সংযোগ স্থাপন কৰা সমসাময়িক আখ্যানত মিহলাই এক সুকীয়া চিনেমাৰ অভিজ্ঞতা তৈয়াৰ কৰা।”

কাহিনীটোত ভগৱান হনুমানৰ মহাশক্তিৰে সজ্জিত হোৱা এজন সৰু ল’ৰাৰ কাহিনী। এই ঐশ্বৰিক শক্তি ব্যৱহাৰ কৰি তেওঁ এজন কু-অভিপ্ৰায়ী ‘গলিয়াথ’ৰ সন্মুখীন হয়।

ইয়াৰ পূৰ্বে ছবিখনৰ টিজাৰত ভগৱান হনুমানে ৰহস্যময় গুহাত ধ্যান কৰি ৰামৰ নাম আবৃত্তি কৰি থকা এক শীতল আভাস দেখুৱাই সকলোৰে কৌতুহল জগাই তুলিছে। তেওঁ লগতে কয় যে মই মোৰ জীৱনৰ ২ বছৰ এই প্ৰকল্পটোৰ ওপৰত কাম কৰিছো আৰু মই আমাৰ গ্ৰেণ্ড ভিজনক দেশৰ প্ৰতিটো কোণৰ পৰা দৰ্শকৰ মাজলৈ লৈ যাবলৈ আগ্ৰহী।

Leave A Reply