ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে দাদাচাহেব ফাল্কে বঁটা।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তেওঁক এই বঁটা প্ৰদান কৰে।
দাদাচাহেব ফাল্কে বঁটাক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয়।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য আৰু জোঁৱায়েক ধনুষ উপস্থিত আছিল।
অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক তেওঁৰ বঁটা উৎসৰ্গা কৰে।
বঁটা গ্ৰহণ কৰি পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠে ৰজনীকান্ত।
এসময়ত তেওঁ বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল সেই কথাও উল্লেখ কৰে।
কণ্ডাক্টৰ হৈ থাকোঁতে লগ পোৱা বাছচালক বন্ধু ৰাজ বাহাদুৰৰ অন্যতন অৱদান আছিল তেওঁৰ জীৱনত বুলি স্মৰণ কৰে অভিনেতাগৰাকীয়ে।
ছুপাৰষ্টাৰ ৰজনীকান্তক দাদাচাহেব ফাল্কে বঁটা প্ৰদান
