কোভিড পৰিস্থিতিৰ বুজ লবলৈ বৰপেটাত যোগান মন্ত্ৰী ৰঞ্জিৎ দাস, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ

 সাম্প্ৰতিক কোভিডজনিত পৰিস্থিতিৰ সুযোগ লৈ কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অনৈতিকভাবে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে আজি বৰপেটা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অহা যোগান মন্ত্ৰী ৰঞ্জিৎ দাসে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশলৈ এই নিৰ্দেশ দিয়ে। দাসে নিজৰ ঘৰত আছুতীয়াকৈ থকা কোভিড ৰোগীসকলক আশা কৰ্মী, স্বাস্থ্য কৰ্মী বা আন কোনো লোকৰ দ্বাৰা  টেলিফোনযোগে নিয়মীয়াকৈ খা-খবৰ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে পাৱাৰ প‌ইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা জিলাখনৰ কোভিড পৰিস্থিতিৰ ছবিখন দাঙি ধৰে। সভাৰ আৰম্ভণিতে ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মন্ত্ৰী গৰাকীক গামোচা আৰু শৰাইৰে আদৰণি জনায়।  ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ আৰু অধীক্ষক ডাঃ দিগন্ত দাসে  চিকিৎসালয়খনৰ আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই বৰপেটা অসামৰিক চিকিৎসালয়ৰ  অভাৱ অভিযোগবোৰৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, আৰক্ষী অধীক্ষক ডা ৰবীন কুমাৰ সিং, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্তানি গৃহ, জনসংযোগ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ আদি বিভাগৰ জেষ্ঠ বিষয়া সকলো উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। সভাত অংশ লোৱাৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বৰপেটা সত্ৰলৈ গৈ সেৱা লয়। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মন্ত্ৰীকে একাধিক জিলাৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি  প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসামৰিক যোগান আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আজি বৰপেটালৈ আহে। কালি তেওঁ বজালী জিলা ভ্ৰমণ কৰি তাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে ক’ৰোনাত মৃত্যু হোৱা লোকৰ ঘৰলৈ গৈও খা-খবৰ লৈছিল।

Related Articles