Breaking

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলসোনাৰোৰ সমৰ্থকসকলে দেশৰ কংগ্ৰেছ ভৱন আৰু ৰাষ্ট্ৰপতিৰ প্ৰাসাদত আক্ৰমণ…

0 72

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলসোনাৰোৰ সমৰ্থকসকলে দেশৰ কংগ্ৰেছ ভৱন আৰু ৰাষ্ট্ৰপতিৰ প্ৰাসাদত আক্ৰমণ চলাইছে। উন্মত্ত সমৰ্থকসকলে আনকি দেশখনৰ উচ্চতম ন্যায়ালয়তো আক্ৰমণ চলায়। আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে।

বৰ্ষয়ান বামপন্থী নেতা লুইছ ইনাচিও লুলা দা চিলভাই ১ জানুৱাৰীত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ এসপ্তাহৰ ভিতৰতে আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে।

উগ্ৰ সোঁপন্থী বোলসোনাৰোৰ সমৰ্থকসকলে লুলাৰ বিজয় মানি  ল’ব পৰা নাই। সেয়ে তেওঁলোকে কংগ্ৰেছ ভৱনৰ দেৱাল ভাঙি প্ৰৱেশ কৰে। বোলসোনাৰোৰ সমৰ্থকসকলে কংগ্ৰেছ ভৱনৰ দুৱাৰ আৰু খিৰিকীবোৰ ভাঙি পেলাইছে।

বোলসোনাৰোৰ সমৰ্থকসকলে লুলাক পদত্যাগ কৰাবলৈ সামৰিক বাহিনীৰ হস্তক্ষেপ বিচাৰিছে।

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা উগ্ৰ সোঁপন্থী নেতা জাইৰ বোলসোনাৰোৰ সমৰ্থকসকলে কংগ্ৰেছ ভৱনত আক্ৰমণ চলোৱাৰ পিছত আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

ব্ৰাজিলৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা চিলভাই সতৰ্ক কৰি দিছে যে ঘটনাটোৰ সৈতে জড়িত সকলক বিচাৰি উলিওৱা হ’ব আৰু শাস্তি দিয়া হ’ব।

Leave A Reply