Breaking

উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ ৯৬ বছৰ বয়সত মৃত্যু…

0 135

উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ মৃত্যু ৯৬ বছৰ বয়সত মৃত্যু ঘটিছে। তেওঁ বৃহস্পতিবাৰে কেৰালাত থকা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। ফাতিমা বিবি দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁ দেশৰ মহিলাসকলক আদালতত ন্যায় লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁ কেৰালাৰ প্ৰথম আইনৰ সৈতে স্নাতক মহিলা আছিল। এৰ্নাকুলামৰ আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৫০ ৰ দশকত ন্যায়পালিকাত কৰ্মজীৱন আৰম্ভ কৰিছিল। ফাতিমা বিবিয়ে প্ৰথমে উকীল হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । পিছলৈ তেওঁ দণ্ডাধীশ হৈছিল। তেওঁ কেৰালাত দণ্ডাধীশৰ পদত অধিষ্ঠিত হোৱা প্ৰথম মুছলমান মহিলা আছিল।

তেওঁ পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ফাতিমা বিবিক ১৯৮৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ কেৱল ভাৰততে নহয়, সমগ্ৰ এছিয়াৰ ভিতৰতে উচ্চতম ন্যায়ালয়ত নিযুক্ত হোৱা প্ৰথম গৰাকী মহিলা আছিল। ফাতিমা বিবিয়ে ১৯৮৯ চনত ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেওঁ প্ৰশাসনিক পদত অধিষ্ঠিত হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply