তিনিখন বলিউডৰ ছবিত অভিনয় কৰি আছে অসমৰ সুসন্তান তথা জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসে।(Surabhi Das)
তাৰে এখন হৈছে ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱী অভিনীত ছবি ৰামায়ণ।

আৰু দুখনৰ নাম প্ৰকাশ কৰা নাই বৰ্তমানলৈকে।
সুৰভি অভিনীত বিগ বাজেটৰ ছবিখন নিতেশ তিৱাৰীয়ে পৰিচালনা কৰিছে।
ছবিখনৰ সংগীত কৰিছে হনছ জিম্মাৰ আৰু এ আৰ ৰহমানে।

বিগত তিনিবছৰে ৰাষ্ট্ৰীয় টেলিভিচনত অভিনয় কৰি আছে সুৰভিয়ে।

ৰাষ্ট্ৰীয় টেলিভিচনত অবিনয় কৰা পূৰ্বে সুৰভিয়ে অসমীয়া চিৰিয়েল আৰু মিউজিক ভিডিঅ’, নাটকত অভিনয় কৰি অভিনয় জগতত ভৰি দিছিল।