Breaking

সুৰেশ বৰা মাটিৰ মানুহ প্ৰদ্যুত বৰদলৈ চাহাব মানুহ: হিমন্ত বিশ্ব শৰ্মা

0 13

নগাঁও লোকসভা সমষ্টিৰ জুৰীয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে । ৰে’ল গাড়ীৰ আগত যদি মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থাকে লগত যদি সুৰেশ বৰা থাকে উন্নয়নৰ ৰেলগাড়ীখন ১২০ কিলোমিটাৰ গতিত দৌৰিব কিন্তু পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন থাকে কাম হ’ব নেকি বুলি মূখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰশ্ন কৰে।

বিশ সহস্ৰাধিৰ ভোটাৰ ৰাইজ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- কংগ্ৰেছে এটা সময়ত কৈছিল মোদী যদি প্ৰধান মন্ত্ৰী হয় দেশত নামাজ, ঈদ বন্ধ হৈ যাব । এতিয়া দেশত নামাজ, ঈদ বন্ধ হৈছে নেকি? সুৰেশ বৰা হৈছে মাটিৰ মানুহ প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাব মানুহ । তেওঁ লণ্ডন ইংলেণ্ডত নিৰ্বাচন খেলাৰহে যোগ্য বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । গড়াখহনীয়াত মাটি ভেটি হেৰুওৱা সকলো মানুহে মাটিৰ পট্টা পাব । ইয়াকে কয় মোদী কা গেৰাণ্টি মামা কা ৱাৰেণ্টি । প্ৰদ্যুৎ বৰদলৈয়ে ভাবে অসমৰ মানুহ পাগল হৈছে ।

টেঙা আমতো মানুহে বহুত বাৰ খালে এই বাৰ মিঠা আমৰ সোৱাদ লওক। প্ৰদ্যুৎ বৰদলৈয়ে তিনিমাহ ধৰি মোৰ লগত যোগাযোগ কৰিছিল বিজেপিৰ টিকট বিচাৰি । প্ৰদ্যুৎ বৰদলৈয়ে জিকিলেও বিজেপিলৈ গুচি যাব গতিকে পিছফালৰ পৰা ভোট দিয়াতকৈ চিধা বিজেপিত ভোট দিয়ক । কংগ্ৰেছৰ দিনত অঙ্গনবাদী চাকৰিৰ বাবেও ৫ লাখ টকা ঘোচ দিব লাগিছিল কিন্তু বিজেপিৰ দিনত দালালি কমি গৈছে আৰু ৰাইজে বিনা পইছাত চাকৰি পাইছে । নিৰ্বাচনৰ পিছতে জুৰীয়া অঞ্চলৰ সকলো পথৰ উন্নতিকৰণ কৰি যাতায়ত ব্যৱস্থা সুগম কৰি তোলাৰো আস্বাস প্ৰদান কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে । জুৰীয়াৰ বিশাল নিৰ্বাচনী সভাখনত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক উন্নয়নৰ চমক দেখুৱাই মঞ্চত নাচি নাচি ৰাইজক নচোৱাই বি. জে. পি. প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ভোট বিচাৰিলে ।

কংগ্ৰেছে ৰাইজৰ কাম কৰিব নোৱাৰি ভয় খোৱাই সংখ্যালঘু ৰাইজৰ ভোট বিচাৰে বুলি মূখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । কংগ্ৰেছৰ দিনত অৰুনোদয় আঁচনি দিছিল নেকি বুলি প্ৰশ্ন কৰি বি জে পি প্ৰাৰ্থী গৰাকী জয়ী হ’লে ৰূপহীহাটৰ ৰেচন কাৰ্ড থকা সকলো মহিলাই অৰুনোদই পাব বুলি সভাত মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । ৰূপহীহাটৰ সুতিৰপাৰত এখন ক’ল্ডষ্টৰেজ, জুৰীয়া উন্নত মানৰ চিকিৎসালয় আৰু এখন ষ্টেডিয়াম আৰু চহৰাঞ্চলত মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত ৰাইজ উৎফুল্লিত হৈ পৰা দেখা যায় ।

তদূপৰি নিৰ্বাচনৰ পিছত মটৰ চাইকেলেৰে জুৰীয়া অঞ্চলত পৰিভ্ৰমণ কৰি বিধ্বস্ত ৰাস্তা-ঘাট শীঘ্ৰেই নিৰ্মাণ কৰাৰ ব্যাপক উন্নয়নৰ চমকৰে মূখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণ প্ৰদান কৰে । সভাত নগাঁও জিলা বি. জে. পি. সভাপতি অভিজিত কুমাৰ নাথ বিধায়ক জিতু গোস্বামী, প্ৰাৰ্থী সুৰেশ বৰা, বিজেপি নেত্ৰী ছালমা জেছমিন, বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নাজিৰ হুছেইন, পাচমণ্ডা মঞ্চৰ ৰাজ্যিক সভাপতি আবুল হুছেইন, যুৱনেতা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী আনোৱাৰ হুছেইন (ডন), প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান, অসম গণ পৰিষদৰ ৰূপহীহাট বিধান পৰিষদৰ সভাপতি জাকিৰ হুছেইন, নগাঁও জিলা সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে ।

Leave A Reply