Surnandan Bharati: কলকাতাত সুৰৰ মহামঞ্চত অসমৰ জয়যাত্ৰাঃ সুৰনন্দন ভাৰতীত ৪১ গৰাকী শিল্পীক সন্মান

এই বছৰ নগাঁৱৰ(Surnandan Bharati) প্ৰসিদ্ধ শিল্পী ৰূপালী গুহক জীৱনকৃতি সন্মানে ভূষিত কৰা হৈছে। সুৰনন্দন ভাৰতীৰ দুদিনীয়া ৩২তম অখিল ভাৰতীয় সম্মেলন আৰু সমাৱর্তন ৪ আৰু ৫ ডিচেম্বৰ তাৰিখে কলকাতাৰ ইন্দুমতী সভাগৃহ আৰু জ্ঞান মঞ্চত অনুষ্ঠিত হয়। অনুষ্ঠান আৰম্ভ হয় অসমীয় সংগীতশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এজন এক মিনিট নীৰৱতা পালনৰে। সুৰনন্দন ভাৰতীৰ অখিল ভাৰতীয় পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ লাভ কৰি সৰ্বশ্ৰেষ্ঠ ছাত্রীৰ বঁটা পায় অসমৰ বীণাপাণি কলাক্ষেত্ৰৰ ছাত্রী মেঘা দাস। সম্মেলনত সাংস্কৃতিক ক্ষেত্ৰত অৱদানের বাবে ধ্রুৱজ্যোতি শৰ্মা বৰা (বেবেজিয়া), চানক্য শৰ্মা, চন্দন নাৰায়ণ দেৱ (গুৱাহাটী), ৰুবুল শৰ্মা (ডিফু), পাৰ্থ প্রতিম দাস, ৰাজেশ বস (লামডিং), তাৰিণী মোহন শৰ্মা, প্রদীপ বৰা, প্রদীপ মজুমদাৰ, বাসুদেব ব্রহ্মচাৰী (নগাঁও), শিল্পী দেৱ (শিলচৰ) আদি অসমৰ মোট ৪১ গৰাকীলৈ সন্মান জনোৱা হয়।

সম্মেলনত বক্তৃতা দিয়া অতিথি সকলত আছিল ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য পবিত্ৰ সরকার, প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডঃ সুকোমল দাস আৰু সুৰনন্দন ভাৰতীৰ অখিল ভারতীয় সভাপতি ঋতীশ ৰঞ্জন চক্ৰবর্তী। ফুটবল খেলুৱৈ সুকুমাৰ সমাজপতি আৰু ত্ৰিপুৰাৰ ইন্দ্ৰাণী চক্ৰকর্তীকো জীৱনকৃতি সন্মান প্ৰদান কৰা হয়। সন্মানিত কৰে অধ্যাপক পবিত্ৰ সরকার, পণ্ডিত মল্লাৰ ঘোষ, শান্তি বিনোদ দাস, আগরতলা প্ৰেছ ক্লাবৰ সহ-সভাপতি চিত্রা ৰায়, লণ্ডনৰ কবি পাপীয়া ঘোষাল, সুৰনন্দন ভাৰতী অসমৰ সভাপতি অমিত দত্ত, গোৱাৰ নৃত্যশিল্পী সুপ্রিয়া সাবন্ত আৰু গুজৰাটৰ নৃত্যশিল্পী স্বপ্না আনন্দ সনি। কল্যাণ সেন বৰাটক ‘সংগীতনন্দন বঁটা’ আগবাৰিষে দিয়ে অধ্যাপক পবিত্ৰ সরকার। এই বছৰৰ সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰাধ্যক্ষ বঁটা লাভ কৰে কলকাতাৰ আৰ্ট এণ্ড মিউজিকৰ অধ্যক্ষ শান্তি বিনোদ দাস। উদ্বোধনী সংগীত পৰিবেশন কৰে শিল্পী জবা মুখোপাধ্যায়।

লামডিংৰ নৃত্যগুৰু সমীৰ গুপ্ত, পাৰ্থ প্রতিম দাস, কল্পনা বসু, নগাঁৱৰ দীনেশ চন্দ্ৰ শৰ্মা, তপন কুমাৰ দাস, বাসুদেব ব্রহ্মচাৰী, গুৱাহাটীৰ চন্দন নাৰায়ণ দেৱ, মনোজ ডেকা, পণ্ডিত কল্যাণ ডেকা, চানক্য শৰ্মা, লালাৰ ৰাজশি নাথ, নলবাৰীৰ নগেন চন্দ্ৰ কাকতি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত প্রদ্যুৎ ভৌমিকৰ লিখা ‘দ্য ত্ৰিপুৰা পুলিশ’, ঋতীশ ৰঞ্জন চক্ৰবর্তীৰ লিখা ‘ৰবিসুৰনন্দন’, অসমৰ তবলাৰ গুৰু পণ্ডিত কল্যাণ ডেকাৰ লিখা ‘তবলা শিক্ষাৰ হাত-পুঁথি’, লণ্ডনৰ কবি-সংগীত-চিত্রশিল্পী পাপীয়া ঘোষালৰ লিখা ‘জন্ম উলংগ’ আৰু ‘বাউল তান্ত্ৰিক’, ‘ৰা পত্রিকা’-ৰ স্বাগতালক্ষ্মী বিশেষ সংখ্যা আৰু ভাৰত চৰকাৰৰ সংযোগ বিভাগে প্ৰকাশ কৰা সুৰনন্দন ভাৰতীৰ নামেৰ ‘মাই স্ট্যাম্প’-ৰ আনুষ্ঠানিক উদ্বোধন হয়।

অনুষ্ঠানত সংগীত, নৃত্য, আবৃত্তি আৰু চিত্ৰশিল্প উপস্থাপন কৰে ত্ৰিপুৰা, অসম, দিল্লী, গোৱা, গুজৰাট, ৰাজস্থান আৰু পশ্চিমবঙ্গৰ বিভিন্ন জিলাৰ শিল্পীসকলে। ৪ তাৰিখৰ অনুষ্ঠানৰ অন্তত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অহা প্ৰায় ১০০ গৰাকীলৈ স্মারক আৰু উত্তৰীয়ৰে সন্মানিত কৰা হয়।

৫ ডিচেম্বৰৰ উদ্বোধনী সংগীতৰ পাছত প্ৰখ্যাত ৰবীন্দ্ৰসংগীত শিল্পী স্বাগতালক্ষ্মী দাশগুপ্তক জীৱনকৃতি সন্মান প্ৰদান কৰা হয়। শিল্পীৰ জীৱন আৰু সাধনা কেন্দ্রিক লিখা কিতাপ “নন্দনেআ মুনমুন”ৰো আনুষ্ঠানিক উদ্বোধন কৰে শিল্পীজনে নিজেই। সুৰনন্দন ভাৰতীৰ আবেদনত শিল্পীয়ে সংগীতও উপস্থাপন কৰে। অনুষ্ঠানৰ অন্তত অখিল ভাৰতীয় সাংস্কৃতিক প্ৰতিযোগিতা ২০২৫-ৰ সফল ছাত্ৰ-ছাত্ৰীৰ হাতত বঁটা আৰ্পণ কৰা হয়।

Related Articles