Breaking

আচৰিত! ১ ঘণ্টাত ৩,২৪৯টা পুচআপ কৰি অভিলেখ গঢ়িলে এজনে যুৱকে…

0 69

আচৰিত ! ১ ঘণ্টাত ৩,২৪৯টা পুচআপ কৰি অভিলেখ গঢ়িলে। এঘণ্টাত মাত্ৰ ১০০ বা ২০০ টা পুছ আপহে কৰিব পাৰে, কিন্তু এজন ব্যক্তিয়ে ১ ঘণ্টাত ৩,২৪৯টা পুচআপ কৰি সকলোকে আচৰিত কৰি তুলিছে। আজিকালি সকলোৱে ফিটনেছক লৈ সজাগ হৈ থাকে। জিম, ৱৰ্কআউট বা ব্যায়ামৰ জৰিয়তে নিজকে ফিট কৰি ৰাখিবলৈ চেষ্টা কৰা হয়। এজন বডি বিল্ডাৰেও এটা চেচনত মাত্ৰ ১০০ৰ পৰা ২০০টা পুছ আপ কৰিব পাৰে বুলি অনুমান কৰা হৈছে যদিও এই অনুমান ভুল বুলি প্ৰমাণ কৰিছে অষ্ট্ৰেলিয়াৰ খেলুৱৈ ডেনিয়েল স্কেলীয়ে। ডেনিয়েল স্কেলীয়ে ১ ঘণ্টাত ৩,২৪৯টা পুচআপ কৰি সকলোৱে স্তম্ভিত কৰি তুলিলো। এয়াও এক বিশ্ব অভিলেখ।

১ ঘণ্টাত ৩,২৪৯টা পুচআপ কৰি ডেনিয়েল স্কেলীয়ে কয়-

১) শৰীৰৰ ভংগীমা অতি পোন হ’ব লাগে।
২) বুকুখন তললৈ নমাই আনিব যেতিয়ালৈকে কঁকাল দুটা ৯০ ডিগ্ৰী কোণ নহয়।
৩) শৰীৰ সম্পূৰ্ণৰূপে ওপৰলৈ আৰু তললৈ আনিব লাগে।

এথলীট ডেনিয়েল স্কেলিৰ খাদ্য-
জানিব পৰা মতে তেওঁ খাদ্য আৰু ভ্ৰমণৰ প্ৰতি অতিশয় আকৰ্ষিত। তেওঁৰ খাদ্যত পৰীক্ষাৰ লগতে প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্ব আৰু চৰ্বিও থাকে। উচ্চ প্ৰটিনযুক্ত খাদ্য যেনে প্ৰটিন শ্বেক, মাংস, সাগৰীয় খাদ্য, ওটছ খায়।

Leave A Reply