আজি বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং(Sushant Singh Rajput)ৰাজপুতৰ পঞ্চম মৃত্যুবাৰ্ষিকী। মৃত্যুৰ পাঁচ বছৰৰ পাছতো তেওঁ শিৰোনামত আছে। ১৪ জুন ২০২০ৰ সেই দিনটোত সুশান্ত সিং ৰাজপুতৰ খবৰে অনুৰাগী, পৰিয়ালৰ লগতে সমগ্ৰ দেশক কঁপাই তুলিছিল। ২০২০ বৰ্ষটো এফালে সমগ্ৰ বিশ্বতে আছিল ক’ৰ’না যুগ, আনফালে কৰ’নাৰ এই ঢৌৰ মাজতে উল্লাসিত, প্ৰতিভাৱান আৰু সুদৰ্শন অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ কাণত পৰিছিল। আজি সুশান্ত আমাৰ মাজত নাথাকিবও পাৰে, কিন্তু তেওঁৰ হাঁহি, চকু আৰু ব্যক্তিত্ব সদায় জীয়াই থাকিব। সুশান্তই কি কাৰণত আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেয়া আজিও ৰহস্য আৱৰ্তত। কিন্তু, তেওঁ প্ৰায়ে হাঁহি হাঁহি নিজৰ অনুৰাগী আৰু বন্ধু-বান্ধৱীক লগ কৰিছিল।
আনহাতে
চলিত বৰ্ষৰ মাৰ্চ মাহত চিবিআইয়ে সুশান্ত সিং ৰাজপুত গোচৰৰ বন্ধৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। ২০২৫ চনৰ ২২ মাৰ্চত চিবিআইয়ে বন্ধৰ প্ৰতিবেদনত সুশান্তৰ মৃত্যুৰ প্ৰকৃত কাৰণ আত্মহত্যা বুলি উল্লেখ কৰিছে। ইয়াৰ সমান্তৰালকৈ সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীকো অভিনেতাজনক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছে। ইয়াৰ বাবেই সুশান্ত সিং ৰাজপুত পুনৰ শিৰোনামত আছে।
সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে ন্যায়ৰ আশা কৰিছিল সুশান্ত সিং ৰাজপুতৰ গোচৰ সন্দৰ্ভত দাখিল কৰা পিআইএল ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত বম্বে উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। চিবিআইৰ পৰা আমাৰ বহু আশা আছিল যদিও চিবিআইয়ে সময়মতে কাম নকৰিলে। এতিয়া যেতিয়া বিষয়টো আদালতলৈ আহিছে, আমি আশা কৰিছো যে ন্যায় পাম বুলি তেওঁৰ পিতৃয়ে কয়।