Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান৷(Suspected Citizen)এই অভিযানত নামিছে খোদ অসম আৰক্ষী৷ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই শতাধিক লোকক আটক কৰিছে৷ জানিব পৰা মতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক আৰক্ষীৰ৷

বাংলাদেশীৰ সন্দেহত বৰপেটা, গুৱাহাটী আৰু উপকণ্ঠ অঞ্চল সোণাপুৰ, জলেশ্বৰ আদিৰ পৰা লোকসকলক আটক কৰা হয়৷ হঠাৎ আত্মীয় তথা পৰিয়ালৰ সদস্যক এনেদৰে আৰক্ষীয়ে আটক কৰাক লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তেওঁলোকৰ মতে আটকাধীন লোকসকলৰ এনআৰচিত নাম আছে৷ ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু বৈধ নথি থকাৰ পিছতো বাংলাদেশীৰ সন্দেহত তেওঁলোকক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক কৰে৷ আটকাধীন লোকসকলক গুৱাহাটীৰ বিৰুবাৰীৰ আৰক্ষী ছাউনীলৈ অনা হয়৷ ইফালে আটকাধীন লোকসকলৰ নথিপত্ৰ লৈ আৰক্ষী ছাউনীৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ সদস্য তথা আত্মীয়৷ তেওঁলোকে অভিযোগ কৰা মতে কৰোবাক যদি নিশা ২ বজাত, কাৰোবাক আকৌ ১০ বজাত, আন কাৰোবাক আকৌ ২ বজাত আৰু পুৱতি নিশাও বিভিন্ন প্ৰৱঞ্চনাৰে আৰক্ষীক লৈ আহিছে৷ ইয়াৰ মাজতে একাংশ লোকে কয়, আগতীয়াকৈ কোনো কথা নজনোৱাকৈয়ে নিশা আটক কৰি আনিছে৷ ভোটাৰ কাৰ্ড আৰু আন আন নথিপত্ৰ থকাৰ পিছতো আধাৰ কাৰ্ড নথকাৰ বাবে পত্নীক কটাহবাৰীৰ পৰা পুৱতি নিশা চ্ছ্ৰ বজাত লৈ আহিছে৷ আৰক্ষীয়ে অনাৰ সময়ত কৈ আহিছে যিদৰে লৈ গৈছো সেইদৰে থৈ যাম৷

প্ৰথমে জালুকবাৰীলৈ লৈ যায়, তাৰ পিছত আইএছবিটি আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়াম আৰু তাৰ পৰা বিৰুবাৰীলৈ লৈ আহিছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে নিশা আটক কৰা লোকসকলৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে৷

Related Articles