Swahid Divas: কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

১০ ডিচেম্বৰত নগাঁও(Swahid Divas) জিলা ছাত্ৰ সন্থা উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ সহযোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি। কাইলৈ শ্বহীদ দিৱস, ৰাজ্যজুৰি আছুৱে সুঁৱৰিব অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা বীৰ সন্তানক। সদৌ অসম ছাত্ৰ সন্থাই (আছু) ১০ ডিচেম্বৰ তাৰিখটোত শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে।

এই দিৱসটোৰ অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰতিবছৰে আছুৱে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে।

অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে। প্ৰস্তুতিৰ সন্দৰ্ভত মৃগাঙ্ক শেখৰ ভঁৰালী হাজৰিকা, মুখ্য সম্পাদক, অভ্যৰ্থনা সমিতি, শ্বহীদ দিৱস উদ্‌যাপন সমিতি

Related Articles