পাটসাঁকোত সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱালৈ স্বৰ্গদেউ চুহুং মুং বঁটা প্ৰদান

সদৌ তাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ পাটসাঁকোবাসীৰ সহযোগত পাটসাঁকোত ১৪আৰু১৫ডিচেম্বৰ দুদিনীয়াকৈ অনুস্থিত হয় পয় পি মাউ টাই-২১১৭ (টাই নৱবৰ্ষ)ৰ অনুষ্ঠান।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৫ডিচেম্বৰত অনুস্থিত হয় স্বৰ্গদেউ চুহুং মুং বঁটা প্ৰদান অনুষ্ঠান। সদৌ তাই আহোম ছাত্ৰ সন্থা পাটসাঁকো আঞ্চলিক সমিতি আৰু বৃহত্তৰ পাটসাঁকো বাসী তৰফৰ পৰা শিমলুগুৰি কেন্দুগুৰিৰ সুসন্তান, সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱালৈ প্ৰদান কৰা হয় এই স্বৰ্গদেউ চুহুং মুং বঁটা।

এই বঁটাত আছে এটা চাপকন,পৰম্পৰাগত আহোম জনগোষ্টী এটা পাগ ফ্ৰাৰু,এখন ফ্ৰাচিত,আহোম জনগোষ্ঠীৰ প্ৰতীক সম্বলিত এক স্মাৰক,এখন হেংডাং,এখন প্ৰশস্তি প্ৰমাণ পত্ৰ।ৰাজদ্বীপ বাইলুং বৰুৱাক এই বঁটা উদ্‌যাপন সমিতিৰ হৈ ভদেশ্বৰ কোঁৱৰ,হৰেকৃষ্ণ ফুকন,অলস প্ৰতীম সন্দিকৈ,দেৱজিৎ গগৈ,দেৱজিৎ চাউৰক,মুকুল চেতিয়াই প্ৰদান কৰে।

Related Articles