ক’ভিডে সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিৰ বাবে একাংশ লোকে চৰম দীনতাত কালাতিপাত কৰিবলগীয়া হৈছে। আৰ্থিক দুৰৱস্থাত ভোগা এনে কোনো লোকৰ কাষত দুই এক সংগঠন আৰু ব্যক্তি থিয় দিছে। নলবাৰী দীঘেলিস্থিত ‘স্বৰ্ণিল কো-অপাৰেটিভ চোছাইটিৰ’ নামৰ সংস্থাটোৰ উদ্যোগতো জিলাখনৰ ক’ভিড মহামাৰীৰ বাবে আৰ্থিকভাবে জুৰুলা হোৱা আৰু ক’ভিড আক্ৰান্ত হোৱা কেইবাটাও পৰিয়ালক আজি কেতবোৰ সামগ্ৰী প্ৰদান কৰা হয়। স্বৰ্ণিলৰ সভাপতি প্ৰণৱ বৰদলৈ আৰু সম্পাদক চন্দন চক্ৰৱৰ্তীৰ নেতৃত্বত আজি নলবাৰীৰ দীঘেলি, পয়লা, মালিকুছি আদি অঞ্চলৰ ভালেমান পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰে।।

