মৰাণত স্বয়ম্ভু সাংবাদিকৰ দপদপনি:ধনদাবী কৰিব গৈ ৰঙাঘৰৰ আলহী হল দুই স্বয়ম্ভূ সাংবাদিক

 ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ৱেব পৰ্টেল। সেই সমূহ ৱেব পৰ্টেলত অৰ্হতাহীন সংবাদিকৰ দপদপনি অধিক বৃদ্ধি হৈছে। বৃদ্ধি পাইছে ভুৱা সাংবাদিকৰ দপদপনি।এই ক্ষেত্ৰত চৰকাৰেবিহিত ব্যৱস্থা গ্ৰহন নকৰিলে সমাজৰ বাবে অধিক ক্ষতিকাৰক হ’ব।তেনে এক ঘটনাই সংঘটিত হৈছে আজি মৰাণত। সমগ্ৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰা চাহ বাগানত ধন দাবী কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হব লগা হ’ল খোৱাঙৰ কৌশিক দে আৰু পঠালিবামৰ অনুজ মাঝি নামৰ দুজন ভুৱা সাংবাদিক । নিজকে ৰিপৰ্টাৰ অসম নামৰ ৱেব চেনেল আৰু বাতৰি কাকত সাংবাদিক বুলি চিনাকি দি মৰাণৰ সমীপৰ মহখুটি চাহ বাগিচাত আঠ হাজাৰ টকা দাবী কৰিছিল বুলি জানিব দিয়ে বাগিচাৰ কতৃপক্ষই। ঘটনা অনুসৰি ৰাজ্যত ক’ভিডৰ নতুন নীতি নিৰ্দেশনা অমান্য কৰা বুলি বাগিচাখনৰ ভিডিঅ’ কৰি বাগিচাখনৰ কতৃপক্ষক শনিবাৰে দাবী কৰিছিল আঠ হাজাৰকৈ টকা, পিছত বাগিচা কতৃপক্ষই আৰক্ষী আৰু প্ৰেছক্লাবৰে যোগাযোগ কৰাত ভুৱা সাংবাদিক বুলি জানিব পাৰে। আজি দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ হাতত হাতে লুতে ধৰা পৰে কৌশিক দে আৰু অনুজ মাঝি নামৰ স্বয়ম্ভু সাংবাদিক দুগৰাকী ।সচেতন মহলে এনে স্বয়ম্ভু সাংবাদিকৰ ওপৰত আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নতুন চৰকাৰ খনক দাবী জনাইছে। 

Related Articles