আফ্ৰিকান ছোৱাইন ফ্লুত অসমৰ শ শ গাহৰি পালকৰ ফাৰ্মত গাহৰি মৃত্যু হোৱাৰ পিছতো অসম চৰকাৰৰ পশুপালন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । উল্লেখযোগ্য যে, অসম চৰকাৰে পশুপালনৰ লগতে মাংসৰ ক্ষেত্ৰত ৰাজ্যখনৰ নিবনুৱাক স্বাৱলম্বী কৰা আৰু বিদেশলৈ মাংস ৰপ্তানি কৰি আয়ৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে যদিও সম্প্ৰতি অসমত আৰম্ভ হোৱা আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ কথা টো পশুপালন বিভাগে গুৰুত্ব সহকাৰে নোলোৱাত পশু পালকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এ পি ই ডি এৰ অধ্যক্ষ ডাঃ এম অংগুমাথু আৰু অসম চৰকাৰৰ পশুপালন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰচেষ্টাত নাজিৰাত প্ৰতিষ্ঠা হোৱা ” পিগ শ্লটাৰ হাউছ ” টো যোৱা ১২ জুনত উত্তৰ – পূৰ্বাঞ্চল গাহৰি মাংস ৰপ্তানিৰ ক্ষেত্ৰত এক কেন্দ্ৰ হিচাপে গঢ় দি সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰি পৰিদৰ্শন কৰে । কিন্তু এনে উদ্যোগ সমূহ হাতত লোৱাৰ সময়ত অসম চৰকাৰৰ পশুপালন বিভাগৰ লগতে চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে অনুধাৱন কৰা নাই বুলি বিশেষজ্ঞ সকলৰ মাজত চৰ্চা হৈছে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা শিৱসাগৰ জিলাৰ লগতে যোৰহাট , তিনিচুকীয়া , গোলাঘাট , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফ্লুৰ কবলত পৰি হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হৈছিল ।

দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে দেখা দিয়া এই ভয়াৱহ ৰোগটো হোৱা বুলি নিশ্চিত কৰিছিল ভূপালৰ ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্চ ইনষ্টিটিউটে । প্ৰায় সাতটা মাহত শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই ৰোগ সংক্ৰমণ হৈ হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হোৱাত বহু পশুপালক সৰ্বস্বান্ত হৈ পৰিছিল । শেহতীয়াকৈ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ইন্দ্ৰজিৎ বৰগোঁহাইৰ ফ্ৰামত বহু গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত মৃত্যু হোৱাৰ তথ্য প্ৰমাণিত হোৱাত মহকুমা প্ৰশাসনে শিমলুগুৰিত গাহৰি কটা আৰু ক্ৰয় – বিক্ৰয়ত ১৪৪ ধাৰা জাৰি কৰে । বৰ্তমানলৈকে কোনো চিকিৎসা উপলব্ধ নোহোৱা এই ৰোগ অসমৰ পশুপালন অৰ্থনীতিৰ বাবে কিমান ভয়াৱহ সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে । এনে প্ৰতিকূল পৰিস্থিতিত অসম চৰকাৰে নাজিৰাৰ ছানবছাত উজনি অসমৰ ৯ খন জিলাৰ ১৫ হেজাৰ গাহৰি পালকৰ সহযোগত দৈনিক ৪ হেজাৰ কিলোগ্ৰাম গাহৰি মাংস উৎপাদনৰ দ্বাৰা বিদেশলৈ ৰপ্তানি কৰাৰ যি আচনি হাতত লৈছে , এই আচনি অসম চৰকাৰৰ পশুপালন বিভাগৰ গুৰুত্বহীনতাৰ বাবে আৰু আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণৰ ভয়াৱহতাই ভালুকৰ সাঙীত পৰিণত কৰাৰ আশংকা নুই কৰিব পৰা নাই বিশেষজ্ঞ মহলে ।

