Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।(Tahawwur Rana Extradition)

কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

ঘটনাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আছিল মুম্বাইত।(Himanta Biswa Sarma)

মুম্বাইৰ তাজ হোটেলতে তেওঁ থকাৰ কথা আছিল।

কিন্তু, অন্তিম মুহূৰ্তত তাজৰ সলনি তেওঁ আছিল আন এখন হোটেলত।

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যার্পণৰ পিছতে সেই ভয়াৱহ দিনটোৰ কথা সামাজিক মাধ্যমত স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

তেওঁ সামাজিক মাধ্যমত লিখে, ‘২৬/১১ৰ সেই বিশেষ নিশাটোত মই মুম্বাইতে আছিলোঁ আৰু আনকি তাজ হোটেলত থকাৰ কথাই আছিল। কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰেই শেষ মুহূৰ্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলোঁ।

তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰোঁ৷ সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে। আজি স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ এন এছ জিৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল–এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা ‘মাষ্টাৰমাইণ্ড’সকলক সময়ে উচিত শাস্তি প্ৰদান কৰিব৷

প্ৰায় ডেৰ দশকৰ পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসেৰে মনটি ভৰি পৰিছে। যেতিয়ালৈকে আমাৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ দুবাৰ নহয়, বহুবাৰ ভাবিব লাগিব।”

Related Articles