Breaking

আমাৰ ভূমিত নিৰ্মাণ কৰা হৈছে তাজমহলঃ দিয়া কুমাৰী

0 2,037

জয়পুৰৰ ৰাজপৰিয়ালৰ কন্যা দিয়া কুমাৰীৰ দাবী, ‘আমাৰ ভূমিত নিৰ্মাণ কৰা হৈছে তাজমহল, প্ৰমাণ আছে’। বিজেপি সাংসদ আৰু জয়পুৰৰ ৰাজকীয় দিয়া কুমাৰীয়ে আজি দাবী কৰে যে তাজমহল নিৰ্মাণ কৰা মাটি মূলত চহৰখনৰ এসময়ৰ শাসক জয় সিঙৰ আছিল। দিয়া কুমাৰীয়ে কয় যে মাটি খিনি মোগল সম্ৰাট শ্বাহজাহানে অধিগ্ৰহণ কৰিছিল।

সেই সম্পৰ্কীয় তথ্য-পাতি পূৰ্বৰ জয়পুৰৰ ৰাজপৰিয়ালৰ ওচৰত আছে বুলি তেওঁ দাবী কৰে। দিয়া কুমাৰীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত এই বিষয়ত এখন আৱেদনত কৰাৰ কথাও উল্লেখ কৰিছে। উক্ত আবেদনত তেওঁ তাজমহলৰ “ইতিহাস” সম্পৰ্কে তথ্য উদ্ঘাটনৰ দাবী জনোৱাৰ লগতে এই বিষয়ত তদন্ত বিচাৰিছিল।

Leave A Reply