Breaking

সেস্বাসেৱী গোটৰ সৌজন্যত দৃষ্টিহীন পৰিয়ালৰ বাসগৃহ মেৰামতি আৰু চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন

0 79

“ মানুহে মানুহৰ বাবে “ নামৰ এটি সেস্বাসেৱী গোটৰ সৌজন্যত টেঙাখাতৰ দৃষ্টি হীন পৰিয়ালৰ বাসগৃহ মেৰামতিৰ লগতে তিনি সন্তানৰ চকু চিকিৎসাৰ দায়িত্ব গ্ৰহন ৷

মানৱ সমাজত বিভিন্ন দিশত পিছপৰি থকা তথা সমাজত অৱহেলিত হৈ থকা দূৰ্গত সকলক বিভিন্ন ধৰনে সহায় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি এচাম সমাজ সচেতক তথা মানৱ দৰদী ব্যক্তিৰ দ্বাৰা গঠন কৰা হৈছে এটি গোট নাম “ মানুহে মানুহৰ বাবে “ ৷ হয় ,এই গোটটিৰ তৰফৰ পৰা এটা সজাতি দল দেওবাৰে টেঙাখাতৰ টিংৰাই কঠালগুৰি গাৱঁৰ দৃষ্টিহীন শ্যাম সোনোৱালৰ ঘৰত আহি উপস্থিত হয়।

উল্লেখ্য যে জন্মগত ভাৱে দৃষ্টিহীন পিতৃ শ্যাম সোনোৱালৰ লগতে দৃষ্টিহীন পুত্ৰ কলিয়া,টিকু আৰু জীয়ৰী পম্পী সোনোৱালে শাৰীৰিক অক্ষমতাৰ বাবে কেৱল আনৰ ঘৰত খুজি মাগি এটা পানী পৰা ঘৰৰ কৰ্দযময় পৰিবেশত দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে ৷

ঠিক তেনে সময়তে সামাজিক মাধ্যমৰ যোগেদি অৱগত হৈ দেওবাৰে এই গোটটোৰ সভাপতি যোগেশ গগৈ,সাধাৰণ সম্পাদক কণ্ঠশিল্পী লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুন কুমাৰ চৌধৰীৰ লগতে অনান্য সদস্য- সদস্যা সকল শ্যাম সোনোৱালৰ কাষত উপস্থিত হয় আৰু তেওঁলোকৰ দুখৰ সমভাগী হৈ অতিশীঘ্ৰে ঘৰটো মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ সমান্তৰালভাৱে ভাৱে মুখ্য উপদেষ্টা তথা অৰুনাচল প্ৰদেশৰ এ কে মচাং মেমোৰিয়েল চ’চাইটিৰ সঞ্চালক অৰুপ কুমাৰ চৌধৰীয়ে অতিশীঘ্ৰে নিজাববীয়াকৈ দৃষ্টিহীন কলিয়া, টিকু আৰু পম্পী সোনোৱালৰ চকুৰ চিকিৎসা কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি ঘোষণা কৰে ৷

ইয়াৰ লগতে গোটৰ সদস্য সকলৰ সৈতে উপস্হিত হোৱা শিল্পী ইউৰেকা বৰুৱাই নিজস্ব ভাৱে পাৰ্যমানে পৰিয়ালটিক বস্ত্ৰ প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ৷

এই “ মানুহে মানুহৰ বাবে “ গোটটিৰ তৰফৰ পৰা এনে ধৰণৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰাত স্বাভাৱিকতে দৃষ্টিহীন শ্যাম সোনোৱালে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

এই সজাতি দলটিত সভাপতি যোগেশ গগৈ, সম্পাদক লোহিত গগৈ,মুখ্য উপদেষ্টা অৰুপ কুমাৰ চৌধৰী,উপদেষ্টা শৈলেন বৰুৱাকে ধৰি ইউৰেকা বৰুৱা, পৰমা ফুকন, হিৰণ্য সোনোৱাল, গায়ত্ৰী সোনোৱাল ,জিষ্ণু ফুকন,বলিত ফুকন,অচিন্ত ফুকন,বৰ্নালী আৰনধৰা, ঝৰ্ণা ৰবীন দিহিঙীয়া, সঞ্জীৱ শইকীয়া,ববী চেতিয়া আৰু বৰ্নালী গগৈকে ধৰি অনান্য বহু কেইজন সদস্য- সদস্যা আৰু শুভাকাংক্ষী উপস্থিত থাকে ৷

Leave A Reply