Breaking

চতুৰ্থ বাৰলৈ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন তালুকদাৰৰ…

0 2,053

১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হংজাওত অনুষ্ঠিত হ’ব ঊনবিংশতিতম এছিয়ান গেমছ। এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ ‘এছিয়ান গেমছ’লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। দেওবাৰে অভিলেখ সৃষ্টি কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে অসমৰ সুযোগ্য সন্তান অলিম্পিয়ান জয়ন্ত তালুকদাৰে।

উল্লেখযোগ্য যে জয়ন্ত তালুকদাৰে ইয়াৰ পূৰ্বে ২০০৬ চনৰ ডোহা, ২০১০ চনৰ গুৱাঞ্জাও, ২০১৪ চনৰ ইনচিয়নৰ এছিয়ান গেমছতো অংশ লৈছিল। কেৱল অংশ লোৱাই নহয় জয়ন্ত তালুকদাৰে দুবাৰৰ এছিয়ান গেমছত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লোৱা জয়ন্ত তালুকদাৰে ২০১০ চনৰ নতুন দিল্লীৰ কমনৱেলথ গেমছতো পদক অৰ্জন কৰিছিল। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে নিজৰ অনবদ্য খেলৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰে। চতুৰ্থ বাৰৰ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে অভিনন্দন জনাইছে।

Leave A Reply