Tamannaah Vijay Breakup: তিনি বছৰ ডেটিঙৰ অন্তত ব্ৰেকআপ বিজয়-তমন্নাৰ !

বি-টাউনৰ অন্যতম দম্পতী তমন্নাহ ভাটিয়া আৰু বিজয় ভাৰ্মা, দুয়ো দীৰ্ঘদিন ধৰি সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনামত আছিল আৰু যোৱা ৩ বছৰ ধৰি ইজনে সিজনৰ সৈতে ডেটিং কৰি আছিল। এনে সময়তে দুয়োৰে মাজত বিচ্ছেদ হোৱাৰ খবৰ আহিছে। অৱশ্যে এই খবৰবোৰক লৈ এতিয়ালৈকে দম্পতীহালৰ কোনো প্ৰতিক্ৰিয়া নাই। কেইসপ্তাহমান আগতে তেওঁলোকৰ বিয়াৰ খবৰ ওলাইছিল যদিও এতিয়া ব্ৰেকআপৰ কথা চৰ্চাত।(Tamannaah Vijay Breakup)দুয়োৰে প্ৰথম লগ হৈছিল ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত। তেতিয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কও আৰম্ভ হৈছিল।

এক প্ৰতিবেদন অনুসৰি দুয়োজনে ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰাখিছে আৰু এতিয়া বন্ধু হৈ থাকিব। এক সূত্ৰই কয় যে, ‘তমন্না আৰু বিজয়ৰ মাজত কেইসপ্তাহমান পূৰ্বে ব্ৰেকআপ হৈছে, কিন্তু এতিয়া তেওঁলোক ভাল বন্ধু হৈয়ে থাকিব। দুয়ো নিজৰ নিজৰ কামত ব্যস্ত। ইফালে পুনৰ ভাইৰেল হৈ পৰিছে তমন্নাৰ এটা পুৰণি সাক্ষাৎকাৰ, য’ত তেওঁ বিবাহৰ কথা কৈছিল। এক সাক্ষাৎকাৰত বিজয়ক বিয়া কৰাব নেকি বুলি সোধা হৈছিল তমন্নাক?

এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে, ‘বিবাহো হ’ব পাৰে’লগতে তেওঁৰ কেৰিয়াৰত বিবাহৰ কোনো প্ৰভাৱ নপৰে বুলিও তেওঁ কৈছিল। লগতে তেওঁ কৈছিল, ‘মোৰ বাবে বিবাহ আৰু কেৰিয়াৰ বেলেগ। মই অভিলাষী আৰু বিয়াৰ পিছতো কাম কৰি যাম। ‘লাষ্ট ষ্ট’ৰীছ ২’ৰ চেটত তমন্না আৰু বিজয়ৰ লগ হৈছিল, তেতিয়াৰ পৰাই তেওঁলোকৰ ডেটিংৰ খবৰ আহিবলৈ আৰম্ভ কৰিছিল। অনুৰাগীসকলে এই যুৰিটোক ভাল পাইছিল আৰু তেওঁলোকক পুনৰ একেলগে দেখাৰ আশা কৰিছিল।

আনহাতে খবৰ ওলাইছিল যে তমন্না আৰু বিজয়ে ২০২৫ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। কোৱা হৈছিল যে দুয়োজনে মুম্বাইত বিলাসী এপাৰ্টমেণ্ট এটাও বিচাৰিছে। কিন্তু এতিয়া তেওঁলোকৰ বিচ্ছেদৰ খবৰ পোৱাৰ পিছত এই পৰিকল্পনা স্থগিত ৰখা হৈছে। কিন্তু তমন্না আৰু বিজয়ে তেওঁলোকৰ ব্ৰেকআপ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিকতা কৰা নাই, অনুৰাগীয়ে তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনা কৰিছে!

Related Articles