গো-মাতাৰ সুৰক্ষাৰ উদ্যেশে অসম চৰকাৰে শেহতীয়া কৈ গো-সুৰক্ষা আইন প্ৰণয়ন কৰি গৰুৰ অবৈধ ব্যাৱসায় বন্ধ কৰাৰ বাবে অধিক তৎপৰ হৈ থকাৰ সময়তে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে গৰুৰ চোৰাং ব্যাৱসায়ৰ বিৰুদ্ধে অভিযান চলাই আজি দিনৰ পোহৰতে থানা খনৰ অন্তৰ্গত নমধৰ গাঁওত ৫ টা বহি:ৰাজ্যৰ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গৰু কেইটা আনি বাংলাদেশলৈ চালান দিয়াৰ উদ্যেশেৰে অসম-বংগ সীমান্তৰ গংগাধৰ নদী সাঁতুৰি পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত নমধৰ গাঁও অভিমুখে আহি আছিল । তামাৰহাট থানাৰ আৰক্ষীয়ে উক্ত খবৰ পাই উক্ত স্থানৰ নদীৰ পাৰত গোপনে অভিযান চলায় । কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই গৰু বেপাৰীয়ে গৰু কেইটা নদীৰ পানীত এৰি দি সাঁতুৰি পলাই যায় । পিছত আৰক্ষীৰ দলটোয়ে নদীৰ পৰাই পাঁচটা গৰু আটক কৰি ধুতুৰামাৰী গাঁওত থকা খোৱাৰত জমা দিয়ে । উল্লেখ্য যে অতি কৌশলেৰে প্ৰতিদিনে নিশা আৰু দিনৰ পোহৰতে এটা গৰুৰ চোৰাং চক্ৰই বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু চোৰাং ভাবে আনি নাৱেৰে বা সাঁতোৰাই গংগাধৰ নদী পাৰ কৰি বিটিচিৰ কুৰ্ষাকাটি হৈ ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্ত অঞ্চললৈ সৰবৰাহ কৰি আহিছে।

