সামগ্রীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাসৰ দাবীত টংলা চাৰিআলিত ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৭ নৱেম্বৰঃ শনিবাৰে ওদালগুৰি জিলাৰ টংলা চাৰিআলিত টংলা আঞ্চলিক ছাত্র সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ফনি ভূষণ নিপাত যাওক, সৰ্বানন্দ গ’বেক, হিমন্ত গ’বেক, ফনি ভূষণ গ’বেক, সৰ্বানন্দ লেই লেই ছেই ছেই, হিমন্ত বিশ্ব লেই লেই ছেই ছেই ধ্বনিৰে মুখৰিত কৰি তোলে টংলাৰ আকাশ বতাহ।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্রহন কৰি টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই কয় যে, উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ খন যে সকলো দিশতে ব্যৰ্থ সেয়া স্বতস্ফূর্ত। কেৱল তেখেত সকলে উন্নয়নৰ ফটোঢোল বজাই আহিছে, অসমৰ ৰাইজে তেখেত সকলক পৰিবৰ্তনৰ আশাৰে ৫ টাকৈ বছৰ সুযোগ দিছিল কিন্তু আশা আৰু সুযোগত তেওলোকে সম্পূর্ণ ব্যৰ্থ হৈছে। অসমৰ ৰাইজে  বিজেপিক কেতিয়াও আস্থাত নলয়।

বিশেষকৈ বৰ্তমান বজাৰত নিত্য ব্যবহার্য সামগ্রীৰ যি মূল্যবৃদ্ধি হৈছে যাৰ ফলত সৰ্বসাধাৰণৰ ৰাইজে পেটত গাঠি মাৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিৰ বাবে বজাৰত সৰ্বসাধাৰণে এবিধ পাচলি কনিবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে, মূৰে কপালে হাত দিবলগীয়া হৈছে। অসম চৰকাৰৰ যি যোগান বিভাগৰ শুইথকা মন্ত্রী ফনিভূষন চৌধুৰী তেখেতৰ কাৰনে আজি নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্যবৃদ্ধি হৈছে। অতি সোনকালে যদি মূল্যবৃদ্ধি তেখেতসকলে ৰোধ কৰিব নোৱাৰে অসমত তীব্র গনতান্ত্রিক আন্দোলনৰ সন্মুখীন হব বিজেপি চৰকাৰ।

আনফালে যোৱা ৬ নবেম্বৰ তাৰিখে কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যি তুলুঙা মন্তব্য কৰিছে তেখেতক ক’লা পতাকা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্রৰ ফালৰ পৰা দেখুৱা হৈছিল, যিজনে অসম ধংশ কৰিব পৰা “কা” আইন খন বলবৎ কৰাৰ ক্ষেত্ৰত আগভাগ ললে সেই ক্ষোভ আমি পাহৰা নাই। প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে টংলা আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰিংকু ডেকা, শিক্ষা সম্পাদক চিন্টুমনি চক্ৰবৰ্তীৰ লগতে বিভিন্ন বিষয়ববীয়া সদস্য সকলে। 

Related Articles