সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ চতুৰ্থজন মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ টংকেশ্বৰ সোণোৱালৰ…

অৱশেষত বহু বিতৰ্কৰ অন্তত পুনৰ গঠন হল সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ । সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি শপত গ্ৰহণ কৰিলে টংকেশ্বৰ সোণোৱালে । দুটা বৰ্ষৰ নিস্ক্ৰিয়তাৰ পাছত নতুন ৰূপ লাভ কৰিলে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে ।বিতৰ্কত সোমাই পৰা পূৰ্ব কাৰ্যবাহী সদস্য দিপুৰঞ্জন মৰ্ক্রাৰীয়ে পৰিষদৰ আস্থা ভোটত পৰাজয় বৰণ কৰাৰ লগতে অপসাৰণৰ পিছত নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি আনুষ্ঠানিক ভাৱে মুখ্য কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত ৰাজহুৱা সভাত শপত গ্ৰহণ কৰিলে টংকেশ্বৰ সোণোৱালে । সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ধেমাজী সমষ্টিৰ কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈছিল টংকেশ্বৰ সোনোৱাল ।আজি ডিব্ৰুগড়স্থিত সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপত গ্ৰহন অনুষ্ঠানত ডিব্ৰুগড় জিলা অতিৰিক্ত উপায়ুক্ত জিতু দাসে সংবিধানৰ নীতি-নিয়ম অনুসৰি শপত বাক্য পাঠ কৰায় টংকেশ্বৰ সোনোৱালক ।

অনুষ্ঠানৰ ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, পৰিষদৰ কেইবাগৰাকী গৰাকী কাৰ্য্যবাহী সদস্য, প্ৰশাসনৰ ভিন্ন বিষয়া, ভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । লক্ষণীয়ভাৱে শপত গ্ৰহন গ্ৰহন অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকে সদ্য অপসাৰিত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰী ।এক দীঘলীয়া আইনী যুঁজ আৰু পৰিষদ নেৰা-নেপেৰা তদন্ত, এখনৰ পাছত এখনিকৈ বৈঠক অনুষ্ঠিত হৈছিল পূৰ্ব কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীক বিৰূদ্ধে । ভিন্ন বিত্তীয় কেলেংকাৰি নাম সাঙোৰ খাই পৰা পূৰ্ৱ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মৰ্ক্রাৰীক বিৰুদ্ধে তৰা গোচৰ আদালত উঠিছিল । পৰিষদৰ ২৬ গৰাকী কাৰ্য্যবাহী সদস্যৰ ভিতৰত ২৪ গৰাকী কাৰ্য্যবাহী সদস্যই অনাস্থা আনিছিল দিপুৰঞ্জন মাক্ৰাৰীক বিৰূদ্ধে ।আনহাতে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য শপত গ্ৰহণ অনুষ্ঠান উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।মঞ্চতে ঘোষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে সোনোৱাল কছাৰী ছাত্ৰ সন্থাই। অনুষ্ঠানত ঘোষক হিচাপে থকা প্ৰেইমথ্ৰী গোহাঁইয়ে সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধিক অপমান কৰা অভিযোগ উত্থাপন কৰি
অনুষ্ঠানৰ শেষত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

কৰুণা ফুকন /ডিব্ৰুগড়

Related Articles