‘সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…’ । এসময়ত এইগৰাকী অভিনেত্ৰীয়ে বহু হিট ছবি উপহাৰ দিছিল দৰ্শকক। (Tanushree Dutta)
সামাজিক মাধ্যমত কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে এসময়ত বলিউদত দপদপাই থকা অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী কান্দোনৰ সেই ভিডিঅ’ৰ পিছত আচৰিত হৈছে সকলো। অভিনেত্ৰীগৰাকীয়ে কয় যে মানুহে তেওঁক বহুবাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ভিতৰত আছে বলীউডৰ মাফিয়া গেং। এই মানুহবোৰে মোক সুশান্ত সিং ৰাজপুতৰ দৰে হত্যা কৰিব বিচাৰে। অভিনেত্ৰী গৰাকীৰ এই প্ৰকাশে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে।
এটা মনোৰঞ্জন পৰ্টেলৰ সৈতে কথা পাতি এই কথা প্ৰকাশ কৰে তনুশ্ৰী দত্তই। অভিনেত্ৰীগৰাকীয়ে কয়- ‘মোক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছো। এই বলীউড মাফিয়া অতি বিপদজনক। মোৰ জীৱন বিপদত। ঠিক যেনেকৈ সুশান্তৰ আছিল।’
২০১৮ চনত মেটুৰ সময়ত তনুশ্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে নানা পাটেকাৰে তেওঁৰ লগত বেয়া আচৰণ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে ‘সেইদিনাৰ পৰা আজিলৈকে তেওঁৰ চৌপাশে অহৰহ সন্দেহজনক কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে। কোনোবাই মোক অনবৰতে অনুসৰণ কৰি থাকে আৰু মোক অনবৰতে হাৰাশাস্তি কৰে।
লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে ‘কাইলৈ এই বিষয়ে মই থানাত অভিযোগ কৰিম। কৰ্তৃপক্ষক অনুৰোধ জনাইছো যে এই বিষয়টোক পূৰ্বৰ গোচৰৰ দৰে ব্যৱহাৰ নকৰিব। ইয়াৰ ওপৰত ব্যৱস্থা লওক আৰু মোক ন্যায় লাভ কৰাত সহায় কৰক। তনুশ্ৰীয়ে কয় যে তেওঁৰ পুৰণি গোচৰটো পুনৰ খুলিবলৈ কোৱা নাই। যোৱা কেইদিনমানৰ পৰা যিবোৰ ঘটনা সংঘটিত হৈ আহিছে সেইবোৰৰ ওপৰত ব্যৱস্থা লোৱাটো বিচাৰে তেওঁ। নানা পাটেকাৰৰ বিৰুদ্ধে কথা কোৱাৰ পৰাই মই য’তেই যাওঁ তাতেই মোক অনুসৰণ কৰা হৈছে। মোৰ কেৰিয়াৰ ধ্বংস হৈছে।’