সংগীতৰ শ্রোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ ‘ডেউকা মেলি দিলোঁ’

বৰ্তমান সময়ত অসমৰ প্ৰতিগৰাকী সংগীতানুৰাগীৰ বাবে আশাৰ এক বতৰাৰ নাম হৈ পৰিছে ‘ডেউকা’। শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালি শৰ্মাৰ দীৰ্ঘদিনীয়া কষ্টৰ ফচল এই এলবামটোৰ প্ৰথমটি গীত মাতিলেই নামি অহা জোনাক’ ক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈ মৰম দিছে৷

ইগুছংছৰ বেনাৰত এই এলবামৰে দ্বিতীয়টি গীত ‘ডেউকা মেলি দিলোঁ’ ২২ জুলাইত আনুষ্ঠানিকভাৱে জনপ্রিয় সামাজিক মাধ্যম ছাইট ইউটিউব যোগে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।

ইয়াৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়৷

তৰালি শৰ্মাৰ সংগীত আৰু একক কণ্ঠৰে সমৃদ্ধ গীতি-সাহিত্যৰ অনন্য পৰিচয় দাঙি ধৰি গীতটো লিখিছে অনুৰাগ তোমাৰ বাবে ‘ ‘হেঙুলীয়া’ আদি বহুলভাৱে সমাদৃত গীতৰ স্ৰষ্টা বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই। সংগীত ব্যৱস্থাপনা পৱন ৰছাইনীৰ আৰু শব্দ সংমিশ্ৰণ আৰু মাষ্টাৰিং জিটু বৰদলৈ। ষ্টুডিঅ’ ড্রীমছ)ৰ ডেউকা’ এলবামৰ শীৰ্ষ গীতটিত দৃশ্য-শ্রাব্য মাধ্যমেৰে মনোগ্ৰাহী হোৱাকৈ এটি ভিডিঅ’ ৰ জৰিয়তে উপস্থাপন কৰা হৈছে৷ ভিডিঅ’ টি ইউটিউবত তৰালি শৰ্মাৰ অফিচিয়েন চেনেল Tarall Sarma:Windsongs (লিংক youtube.com/ @TARALISARMACHANNEL) ত ইচ্ছুক দর্শক- শ্রোতাই উপভোগ কৰিব পাৰিব বুলি তৰালি শৰ্মাই ব্যক্ত কৰে৷

ভিডিঅ’ টিৰ পৰিচালনা মুম্বাইৰ দিগন্ত গৌতমৰ। গানটোৰ মননশীল দিশটোক প্রাধান্য দি এটি মৰমলগা কাহিনীৰ দৃশ্যায়নে অসমীয়া সংগীতৰ চলিত সোঁতৰ মাজতো নিজস্ব মান আৰু স্থানেৰে “ডেউকা মেলি দিলোঁ উজলি উঠিব বুলি ঠাৱৰ কৰিব পাৰি৷ গীতৰ দৃশ্যাংশত অভিনয় শিল্পী হিচাপে সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুনাল মেচ, তেজাঞ্চী দিহিঙীয়া, হিমাক্ষী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালি শৰ্মাই নিজেও অংশ লৈছে।

কলিয়াবৰ- শিলঘাট, গুৱাহাটী, নতুন দিল্লীৰ বিভিন্ন লোকেচনত ডি.অ’ পি দেৱজিৎ শেমন্তে দৃশ্যগ্ৰহণ কৰা গানটো মুম্বাইৰ সন্দীপ দাসে সম্পাদনা কৰিছে। সহযোগী পৰিচালক প্রিন্স প্ৰসাদ আৰু ৰূপসজ্জাৰ দায়িত্বত নিতুল ঠেঙাল (ভিডিঅ’), প্রাঞ্জল প্রতিম কাশ্যপ (স্থিৰচিত্ৰ)৷ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ অনুপ বৰুৱাৰ স্থিৰচিত্ৰ, অনুপ দত্তৰ কেলিগ্ৰাফীৰে গানটোৰ লগত ৰঞ্জিতা খুৱাই আকর্ষণীয় ৰূপত পোষ্টাৰসমূহ ডিজাইন কৰি উলিয়াইছে প্রকাশ কাশ্যপ উপাধ্যায় আৰু সাগৰিকা বি ৰিকুৱে। কষ্টিং ৰণাল্ড হুছেইনৰ আৰু কাৰ্যকৰী প্রযোজনা ‘ষ্টৰী পিপল’ গোটৰ সময়ৰ সোঁতৰ লগত প্ৰতিটো ক্ষেত্ৰত পৰিৱৰ্তন অহাটো স্বাভাৱিক।

সংগীতৰ ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্রম নহয়৷ তথাপিও সংগীতৰ চলিত সোঁতত উটি-ভাহি নগৈ কামৰ নতুনত্বৰে স্বকীয়ভাৱে সংগীত চৰ্চা কৰা শিল্পীৰ ভিতৰত তৰালি শৰ্মা অন্যতম আৰু অনন্যা। বিংশ শতিকাৰ শেষৰ দশকতে মুকলি’ এলবামেৰে নিজস্ব প্ৰতিশ্ৰুতিসম্পন্ন সংগীতৰ পৰিচয় দি সংগীত শ্ৰোতাৰ হৃদয় জয় কৰা তৰালি শৰ্মাই দীর্ঘ ব্যৱধানত একক এলবামৰ গীতৰ জৰিয়তে সময়ে সময়ে বহু মানসম্পন্ন গীত উপহাৰ দি আহিছে৷

‘ডেউকা’ এলবামৰ ডেউকা মেলি দিলোঁ’ গানটিও তেওঁৰ আন গানসমূহৰ দৰেই চিৰসেউজ গীতৰ শাৰীৰ দাবীদাৰ হ’ব পৰাকৈ এই উপহাৰৰ নৱ সংযোজন। ইতিমধ্যে গীতটোৰ অডিঅ’ সংস্কৰণটি স্পটিফাই, জিঅ চারন, উইংক, গানা ডট কম আদি প্লেটফর্মসমূহত উপলব্ধ হৈছে আৰু উপলব্ধ হোৱাৰ দিনৰ পৰা এই বাতৰি প্ৰকাশৰ সময়লৈ তেনেই চমু সময়চোৱাতে আশাব্যঞ্জক সঁহাৰি পৰিলক্ষিত হৈছে।

Related Articles