Tarun Gogoi Birth Anniversary: ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন

ছমৰীয়াৰ সোণতলীৰ ডেকাচাঙত (Tarun Gogoi Birth Anniversary) প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন। গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত বস্ত্ৰ, খাদ্য আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন।

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ডেকাচাঙস্থিত জবাল-ই ৰহমান একাডেমীত প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জন্ম জয়ন্তী পালন কৰা হয়। আজি কামৰূপ জিলা গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত আয়োজন কৰা জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ তৰফৰ পৰা দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ, খাদ্য আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত জেষ্ঠ কংগ্ৰেছী নেতা তথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২৭নং ছমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহুসংখ্যক বৃক্ষৰোপণ কৰে। বৃক্ষ ৰোপণৰ অন্তত বিদ্যালয় প্ৰাংগনত অনুষ্টুপীয়াকৈ এখন সভা অনুষ্ঠিত হয়।

গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য কবিৰ আক্ৰাম হুছেইনৰ সঞ্চালনত অনুষ্ঠিত সভাত ছমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গোলজাৰ হুছেইন, গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য হেফজুৰ ৰহমান, সদস্যা মৰ্জিনা বেগম প্ৰমুখ্যে সদস্য সকল, স্থানীয় মুৰব্বী, বিদ্যালয়ৰ খনৰ অধ্যক্ষ কলিম উদ্দিন আহমেদ, প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একনিষ্ঠ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি শ্ৰোদ্ধাৰে সুঁৱৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে।

Related Articles