Breaking

ষ্টুডেন্ট’ছ কৰ্ণাৰ টংলাৰ স্বত্বাধিকাৰী তৰুণ খাউণ্ডৰ পৰলোকপ্ৰাপ্তি…

0 75

ওদালগুৰি জিলাৰ টংলা নগৰৰ ষ্টুডেন্টছ কৰ্ণাৰৰ স্বত্বাধিকাৰী তথা চিত্ৰনগৰ নিবাসী তৰুণ খাউণ্ডৰ বৃক্কজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে মঙলদৈস্থিত জেএছএনএম চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। বাতৰি কাকত,,আলোচনী ,কিতাপ ,পাঠ্যপুথিৰ লগতে অন্যান্য সামগ্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিস্থান ষ্টুডেন্ট’ছ কৰ্ণাৰ এটি জনপ্ৰিয় জ্ঞানৰ ভাণ্ডাৰ। বাতৰি কাকত ,কিতাপৰ ব্যৱসায়ৰ স’তে মৃত্যুৰ সময়লৈকে জড়িত খাউণ্ডৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।

পৰলোকলৈ গমন কৰা তৰুণ খাউণ্ডে পত্নী ,পুত্ৰ ,বোৱাৰী, আত্মীয়- স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে দল -সংগঠন,বিভিন্ন কাকতৰ মেনেজাৰে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

Leave A Reply