শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে চাহ খোৱা লোকৰ আয়ুস বেছি। এই পোষ্টটোৱে কফি আৰু চাহ প্ৰেমীৰ মাজত ছ’চিয়েল মিডিয়াত এক (Tea)বিতৰ্কৰ সূচনা কৰিছে। চাহ প্ৰেমীসকলে চাহক ‘জীৱনৰ অমৃত’ বুলি গণ্য কৰাৰ বিপৰীতে কফি প্ৰেমীয়ে চাহক ‘চাহৰ প্ৰচাৰ’ বুলি কৈছে। এই ভাইৰেল পোষ্টটোৰ আচল সত্যতা কি জানি লওক।
শেহতীয়াকৈ নেশ্যনেল জিঅ’গ্ৰাফিকে ইনষ্টাগ্ৰামত ‘চাহ খোৱা লোকসকল বেছি দিন জীয়াই থাকে’ শীৰ্ষক এটা পোষ্ট কৰি আলোড়নৰ সৃষ্টি কৰিছে। ২৮ কোটি ফ’ল’ৱাৰ থকা এই প্লেটফৰ্মত এই পোষ্টটোৱে ক্ষন্তেকতে চৰ্চাৰ সূত্ৰপাত হয়। এই পোষ্টটোত কোৱা হৈছিল যে পানীৰ পিছত চাহ হৈছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক সেৱন কৰা পানীয়। নেচনেল জিঅ’গ্ৰাফিকে এই পানীয়টোৰ প্ৰচাৰ কৰিছিল কাৰণ ইয়াত এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ প্ৰদান কৰে, যেনে উন্নত মনোযোগ, দীৰ্ঘায়ু, আৰু মানসিক চাপ হ্ৰাস।
চাহ বনাম কফিৰ বিতৰ্ক-
পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে কফি প্ৰেমীসকলে ইয়াক ‘চাহৰ প্ৰচাৰ’ বুলি ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘কফি খোৱাসকলক পাহৰি নাযাব, আমিও সুখী আৰু সুস্থ।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে লিখিছে, ‘চাহ যদি ইমান ভাল হয় তেন্তে ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে ১০০ বছৰ জীয়াই থকা উচিত!’
বিজ্ঞানীসকলে কি কয়?
চাহত থকা এন্টিঅক্সিডেন্ট আৰু পলিফিনল স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে, কিন্তু সেয়া জীৱনশৈলী, খাদ্যাভ্যাস আৰু ব্যায়ামৰ ওপৰতো নিৰ্ভৰ কৰে। নিয়মিত চাহ সেৱনে মানসিক চাপ কমাব পাৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে, কিন্তু চাহ খোৱা লোকৰ আয়ুষ বেছি বুলি ক’ব নোৱাৰে। গ্ৰীন টী, বনৌষধি চাহ আৰু ক’লা চাহৰ সুফল বেলেগ বেলেগ হ’ব পাৰে, কিন্তু চেনি আৰু অতিৰিক্ত ক্ৰীমৰ ব্যৱহাৰ কম কৰাটোও গুৰুত্বপূৰ্ণ।

