দিনটোত একাপ, দুকাপকৈ কিমান চাহ খোৱা হয়তো কাৰো হিচাব নাথাকে। দিনটোৰ ভিতৰত একাপ চাহটো প্ৰায় লোকেই খাই। চাহ খোৱাৰ অভ্যাস থকা মানুহে চাহ নোখোৱাকৈ থাকিব নোৱাৰে। চাহ এক অস্বাস্থ্যকৰ পানীয় যদিও চাহৰ ঔষধি গুণো আছে। কিন্তু চাহৰ লগত আপুনি কি কি মৌল যোগ কৰিছে তাৰ ওপৰত ভিত্তি কৰি চাহৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ক’ব পাৰি। (Tea)

চাহত কি কি বস্তু যোগ নকৰিব জানো আহক-(Never Mix These Food Items With Tea)
১/ গাখীৰ আৰু চেনি
চাহত গাখীৰ আৰু চেনি মিহলি নকৰিলেহে চাহ স্বাস্থ্যকৰ, কিন্তু মানুহে চাহ আৰু চেনি যোগ নকৰাকে চাহৰ সোৱাদ নাপায়।
২/ গুড়
চাহত গুড় মিহলাই খাব নালাগে কাৰণ ইয়াৰ ফলত বদহজম আৰু মধুমেহ ৰোগৰ আশংকা সৃষ্টি হয়।
৩/ নিমখীয়া বস্তু
চাহৰ সৈতে নিমখীয়া বস্তু যেনে-পকৰা, ভুজিয়া কেতিয়াও চাহৰ লগত খাব নালাগে।