৯ জুন ২০২৫: Teacher । বিহাৰৰ বেগুচৰাৰ এখন চৰকাৰী বিদ্যালয়ত আজি পুৱা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। পাঠদানৰ মাজতে এজন শিক্ষকক বিদ্যালয়ৰ পৰা বন্দুকৰ ভয় দেখুৱাই জোৰেৰে উঠাই নিয়ে এখন দুৰ্বৃত্ত দল। স্থানীয় সূত্ৰৰ মতে, শিক্ষকজনক উঠাই নিয়াৰ উদ্দেশ্য আছিল জোৰ-জবৰদস্তি বিয়া কৰোৱা।

পূৰ্বনিযোজিতভাৱে বিদ্যালয়খনত সোমায় দুৰ্বৃত্তসকল। তেখেতে বন্দুক লৈ সিধা শিক্ষকজনৰ কাষলৈ গৈ ভয় দেখুৱাই বিদ্যালয়ৰ পৰা বাহিৰলৈ লৈ যায়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষিকাসকলৰ মাজত আতংক সৃষ্টি হয়।
স্থানীয় আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সংবাদমাধ্যমে জনোৱা অনুসৰি, শিক্ষকজনৰ সৈতে কোনো যুৱতীৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু তাৰপিছতেই জোৰেৰে বিয়া কৰোৱাৰ উদ্দেশ্যৰে এই অপহৰণৰ ঘটনা ঘটে।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বিদ্যালয় আৰু শিক্ষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।
অপহৃত শিক্ষকজনৰ সন্ধান লাভৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু সন্দেহজনক ব্যক্তিসকলৰ ওপৰত নজৰ ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য !